আমগুৰি, ৫ছেপ্টেম্বৰ: সমগ্ৰ দেশতে মহামাৰী কৰ'ণাই সৃষ্টি কৰি আহিছে ত্ৰাসৰ ৷ এইখিনি সময়ত দেশৰ জনতাই সন্মূখীন হৈছে বহু সমস্যাৰ ৷ সমান্তৰালকৈ শিল্পীসকলো সন্মূখীন হৈছে আৰ্থিক দৈন্যতাৰ ৷ এনে সময়ত এজনে আনজনৰ সহায় হোৱাকৈ আগুৱাই আহিছে বহু কেইগৰাকী প্ৰতিষ্ঠিত শিল্পী ৷ এই উদ্দেশ্যৰেই শণিবাৰে দিহাসম্ৰাট কমলা গগৈৰ কাষত উপস্থিত হয়গৈ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন ৷
মন কৰিবলগীয়া যে, বিশেষকৈ থলুৱা শিল্পৰ লগত জড়িত শিল্পী সকল আৰ্থিক ভাৱে হৈ পৰিছে অধিক জুৰুলা । দিহা নামৰ শিল্পী দিহাসম্ৰাট খ্যাত কমলা গগৈ আৰু তেঁওৰ সংগী বৃন্দইও দীৰ্ঘদিনে কোনো অনুষ্ঠান নথকাত ভুগিছে আৰ্থিক সংকটত । এই শিল্পীগৰাকীৰ ঘৰত শণিবাৰে উপস্থিত হয়গৈ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন । মানস ৰবীনে দিহানামৰ এই শিল্পীগৰাকীৰ কাষত থিয় হৈ শিল্পীগৰাকীৰ লগতে সহ শিল্পীসকলৰ অৱস্থাৰ বুজ লৈ আগবঢ়ালে আৰ্থিক সাহায্য ৷