নাজিৰা, ২০জুন: শিৱসাগৰ জিলাৰ নাজিৰাত সোমবাৰে সংঘটিত হয় এক অঘটন । নাজিৰাৰ বালিঘাটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Accident at Nazira) ৷ জানিব পৰা মতে, শিমলুগুৰিৰ দিশে গৈ থকা এখন টাটা এচি বাহনক বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী হুণ্ডা এচেন্ট বাহনে খুন্দা মাৰে । দুয়োখন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এজন যাত্ৰী গুৰুতৰ ভাৱে আহত হয় (Man seriously injured in a road accident in Nazira) ।
দুৰ্ঘটনাটোত AS 04E 3353 নম্বৰৰ হুণ্ডা বাহনখনৰ বিস্তৰ ক্ষতি হোৱাৰ সমান্তৰালকৈ AS 04 BC 5076 নম্বৰৰ টাটা এচিখনৰো ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে ।