অসম

assam

By

Published : Jun 2, 2020, 4:49 PM IST

ETV Bharat / state

সোণাৰিত বৃদ্ধি হস্তী-মানৱৰ সংঘাত

হস্তী-মানৱৰ সংঘাতে ক্ৰমশঃ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে শিৱসাগৰৰ সোণাৰিত ৷ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে বিস্তৰ ক্ষতিসাধন কৰিছে সোণাৰিৰ টাওকাক গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱত ৷ হাতীৰ আক্ৰমণৰ ফলত বিনষ্ট মূল্যৱান সা-সম্পত্তিকে ধৰি বহু সামগ্ৰী ৷

Man elephant conflict at sonari sivsagar assam etv bharat news
হস্তী-মানৱৰ সংঘাত

শিৱসাগৰ, 2 জুন:শিৱসাগৰৰসোণাৰিত ক্ৰমাৎ তীব্রতৰ হৈ উঠিছে বনৰীয়া হাতী-মানুহৰ সংঘাত ৷ বিগত কেইদিনমানৰ পৰা খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে নগৰখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত উপদ্ৰৱ চলাই ৰাইজৰ নিদ্ৰাহৰণ কৰিছে । দুদিন পূৰ্বে সোণাৰিৰ নিকটৱৰ্তী গোৱালাপথাৰ গুটিঘাট অঞ্চলত উপদ্ৰৱ চলাই এটা বনৰীয়া হাতীৰ জাকে তিলেশ্বৰ বৰা নামৰ লোকজনৰ খেতি,সা-সম্পত্তি আদি তহিলং কৰাৰ পিছত সোমবাৰে নিশা পুনৰ টাওকাক গাঁও পঞ্চায়তৰ অন্তৰ্গত এক অঞ্চলত প্ৰায় ৪০/৪৫ জনীয়া বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলায়। এই আক্ৰমণৰ ফলত আব্দুল ৰহমান নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণ বিধ্বস্ত হোৱাৰ বিপৰীতে কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ ।

হস্তী-মানৱৰ সংঘাত

ঘটনাৰ বিৱৰণী মতে,সোমবাৰে নিশা গাঁৱখনৰ সমীপৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য বিচাৰি গাঁৱখনত প্ৰৱেশ কৰে বন্যহস্তীৰ এটা দল ৷ জাকটোৱে ওৰে নিশা অঞ্চলটোত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি পুৱতি নিশা আঁতৰি যায় যদিও হাতীৰ আক্ৰমণত গাঁৱখনৰ কবৰস্থানৰ পকী দেৱালখন ক্ষতিগ্ৰস্ত হয় ৷ চিন্তনীয় বিষয় যে,অভয়পুৰ বনাঞ্চলত চোৰাং ব্যৱসায়ীয়ে গছ কাটি ধ্বংস কৰাৰ ফলত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাইছে গাঁৱখনত । দীৰ্ঘদিনৰ পৰা চলি অহা হস্তী-মানৱৰ সংঘাতৰ পিছতো নীৰৱে আছে স্থানীয় বন বিভাগ ৷

লগতে চাওকঃহাজোত নাঁও দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা পাঁচগৰাকী মাছমৰীয়াৰ

ABOUT THE AUTHOR

...view details