অসম

assam

ETV Bharat / state

কৰ'ণা সংক্ৰমণৰ মাজতে শিৱসাগৰত অনুষ্ঠিত মহাবিষ্ণু যজ্ঞ

চৌদিশে কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে শিৱসাগৰৰ কালুগাঁৱত অনুষ্ঠিত হ'ল মহাবিষ্ণু যজ্ঞ । পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই যজ্ঞই এতিয়া শংকিত কৰি তুলিছে সকলোকে ৷

কৰ'ণাৰ ভয়াৱহতাৰ মাজতে শিৱসাগৰত অনুষ্ঠিত হ'ল মহাবিষ্ণু যজ্ঞ
কৰ'ণাৰ ভয়াৱহতাৰ মাজতে শিৱসাগৰত অনুষ্ঠিত হ'ল মহাবিষ্ণু যজ্ঞ

By

Published : Apr 27, 2021, 12:58 PM IST

আমগুৰি,27এপ্ৰিল: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা ৷ দিনক দিনে ভয়াৱহ দিশলৈ গতি কৰিছে সমগ্ৰ ৰাজ্য ৷ চৌদিশে এতিয়া যেন কেৱল মৃত্যুৰ কিৰিলী ৷ তাৰ মাজতে কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ কিন্তু এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে শিৱসাগৰৰ কালুগাঁৱত অনুষ্ঠিত হ'ল মহাবিষ্ণু যজ্ঞ । কালুগাঁও ব্ৰাহ্মণ গাঁৱৰ হৰিমন্দিৰৰ উদ্যোগত পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই যজ্ঞই এতিয়া শংকিত কৰি তুলিছে সকলোকে ৷

কৰ'ণা সংক্ৰমণৰ মাজতে শিৱসাগৰত অনুষ্ঠিত মহাবিষ্ণু যজ্ঞ

কিয়নো, যি সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰীৰ কবলৰ পৰা মানৱ জাতিক উদ্ধাৰৰ বাবে সৰ্বত্ৰে লক ডাউনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই সময়তে মহামাৰীৰ নিৰ্মূলৰ বাবে শ শ লোক গোট খাই কৰা এনে যজ্ঞই চকু কপালত তুলিছে সচেতন মহলৰ ৷

কৰ'ণা সংক্ৰমণৰ মাজতে শিৱসাগৰত অনুষ্ঠিত মহাবিষ্ণু যজ্ঞ

লগতে পঢ়ক: ছিপাঝাৰৰ বন্ধন বেংকত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details