অসম

assam

ETV Bharat / state

Maha Shivratri at Shivadol : শিৱসাগৰৰ শিৱৰাত্ৰী মহোৎসৱৰ উদ্বোধন - Shivaratri Mahotsav opens by MP Kamakhya Prasad Tasa

শিৱসাগৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে শিৱৰাত্ৰী মহোৎসৱ (Shivaratri Mahotsav begins in Sivasagar) ৷ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ দ্বাৰা অনুষ্ঠানৰ উদ্বোধন ৷

Shivaratri Mahotsav held in Sivasagar
শিৱসাগৰত অনুষ্ঠিত শিৱৰাত্ৰী মহোৎসৱ

By

Published : Mar 1, 2022, 7:59 AM IST

শিৱসাগৰ, 1 মাৰ্চ :ঐতিহাসিক শিৱদৌলত আৰম্ভ হৈছে শিৱৰাত্ৰী মহোৎসৱ (Shivaratri Mahotsav begins in Sivasagar) ৷ দ'লমুখ চাৰিআলিৰ অস্থায়ী মঞ্চত অনুষ্ঠিত পূজা আৰু মেলা উদ্বোধনী অনুষ্ঠান মঙলবাৰৰ দিনটোতে সম্পন্ন কৰা হয় ৷ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই অনুষ্ঠানৰ প্ৰথমদিনা আনুষ্ঠানিকভাৱে ৩ মাৰ্চলৈ চলিবলগীয়া শিৱ পূজা আৰু মেলাৰ শুভ উদ্বোধন কৰে (Shivaratri Mahotsav opens by MP Kamakhya Prasad Tasa) ।

উদ্বোধনী ভাষণত সাংসদগৰাকীয়ে "মানুহে মানসিক শান্তি য'ত পাই, তাতেই ঈশ্বৰ থাকে" বুলি উল্লেখ কৰি ঐতিহাসিক শিৱদৌলৰ গভীৰ অধ্যয়নে সমাজখনক উপকাৰ সাধন কৰিব বুলি মত প্ৰকাশ কৰে । ইয়াৰ লগতে তেওঁ শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহৰ সৈতে দেশী-বিদেশী পৰ্যটকৰ সংযোগক গুৰুত্ব দিয়াৰ পোষকতা কৰে । বিগত সময়ত শিৱৰাত্ৰী উপলক্ষে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ পুনৰ অনুষ্ঠিত কৰিব লাগে বুলিও সাংসদগৰাকীয়ে মতপোষণ কৰে ।

শিৱসাগৰত অনুষ্ঠিত শিৱৰাত্ৰী মহোৎসৱ

ইফালে, উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এনামুদ্দিন আহমেদৰ সম্পাদনাত প্ৰকাশ হোৱা "ত্ৰিলোচন" গ্ৰন্থখন উন্মোচন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi at Shivaratri Mahotsav in Sivasagar) । সভাৰ লগত সংগতি ৰাখি বিভিন্ন সময়ত দ'ল উন্নয়ন সমিতিত সেৱা আগবঢ়াই অহা শংকৰ আগৰৱালা, কাৰ্তিক দত্ত, বিকাশ দে আৰু গংগা প্ৰসাদ গোঁহাইক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উদ্বোধনী সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘনিধি দাহাল, শিৱদ'লৰ মুখ্য পূজাৰী সুৰেশ বৰঠাকুৰকে আদি কৰি বহু গণ্য-মান্য বক্তি উপস্থিত থাকে ।

মেলাৰ প্ৰথম দিনটোতে ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় । বুধবাৰৰ পৰা লাখ লাখ ৰাইজ শিৱৰাত্ৰী উপলক্ষে এই অনুষ্ঠানত সমৱেত হ'ব বুলি ধাৰণা কৰাৰ লগতে দিহানামৰ সম্ৰাট কমলা গগৈয়ে আধ্যাত্মিক গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিৰ তৰফৰ পৰা অৱগত কৰে ৷

লগতে পঢ়ক :শিৱসাগৰৰ শ্ৰী শ্ৰী জকাই সত্ৰত পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details