শিৱসাগৰ, 14 জানুৱাৰী: ঐতিহাসিক শিৱসাগৰত ভোগালী বিহুৰ দিনা উদুলি-মুদুলি পৰিৱেশ (Magh Bihu celebration in Sivasagar) । শিৱসাগৰ নগৰৰ সমীপৱৰ্তী বৃহত্তৰ কাথপাৰৰ বানমুখ অঞ্চলৰ ৰাইজে চানৰাইজ ক্লাৱৰ উদ্যোগত ভোগালী উৎসৱৰ আয়োজন কৰে । মটক সম্প্ৰদায়ৰ ভোগালীত জিলিকি উঠিল জাতিৰ পুৰাতন ঐতিহ্য-পৰম্পৰা ।
অসমৰ চহা গ্ৰাম্য জীৱনৰ চানেকিৰে অসমীয়াৰ ঐতিহ্য, সংস্কৃতি আৰু পৰম্পৰাৰ লগত উঠি অহা নৱ প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে বানমুখৰ চানৰাইজ ক্লাৱে । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ত্ৰয়োদশ বাৰ্ষিক ভোগালী উৎসৱৰ প্ৰথম দিনা মেজি স্থাপন আৰু যুৱক-যুৱতীসকলে সামূহিক চাফাই অভিযান চলায় । ভোগালী বিহুৰ পৰম্পৰা অনুসৰি উৰুকাৰ নিশা হাঁহে-মাহে ভেলাঘৰত সম্প্ৰীতিৰে এখাজ খাই সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে পুৱা মেজি জ্বলোৱা হয় ।
শিৱসাগৰৰ বানমুখ অঞ্চলত পুৱাই ৰাইজ সমৱেত হয় ভেলা ঘৰৰ বাকৰিত । কাঠমেজি আৰু কলা মেজিৰ জুইত উত্তাপত উমাল হ’ল কাথপাৰ । ভোগালীৰ আনন্দত মতলীয়া হ’ল গাঁওবাসী । ম'হৰ এঠা দৈ, মালভোগ ধানৰ চিৰাৰে গাঁওবাসীয়ে খালে ভোগালীৰ জলপান । জ্যেষ্ঠজনক কণিষ্ঠই জনালে বিহুৰ সেৱা । আধ্যাত্মিক পৰিৱেশত অৰ্পন কৰা হ’ল শৰাই ।