শিৱসাগৰ,17 ডিচেম্বৰ : শিৱসাগৰত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ পদূলি উদুলি-মুদুলি ৷ স্থানীয় বৰ্ডিং খেলপথাৰত ভিৰ কৰিছে সহস্ৰাধিক জনতাই । সাংস্কৃতিক কাৰ্যসূচীৰ লগে লগে সকলোৱে অপেক্ষা কৰিছে নেতৃত্বৰ ঘোষণালৈ ।
পুত্ৰক আশীৰ্বাদ দিবলৈ শিৱসাগৰত উপস্থিত লুৰিণৰ মাতৃ - ৰাজনৈতিক অভিৱৰ্তন
বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন থলীত উপস্থিত লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ । দলত যোগদান কৰাৰ পাচত পুত্রক আশীৰ্বাদ দিয়াৰ অৰ্থে উপস্থিত হৈছে মাতৃ ৷
পুত্ৰক আশীৰ্বাদ দিবলৈ শিৱসাগৰত উপস্থিত লুৰিণৰ মাতৃ
এনে পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে অভিৱৰ্তন থলীত উপস্থিত হয় লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ । অসম জাতীয় পৰিষদত যোগদান কৰাৰ পাচত পুত্রক আশীৰ্বাদ দিবলৈ গৈছে লুৰিণৰ মাতৃ ৷ পুত্ৰৰ নতুন যাত্ৰাক লৈ আশাবাদী মাতৃ ৷ কিন্তু তথাপিও পুত্ৰৰ ওপৰত ৰাইজে কৰা বিশ্বাস পুত্ৰই পূৰণ কৰিব পাৰিব নে নাই তাক লৈ মনত শংকা হৈছে মাতৃ দুলু গগৈৰ ৷
লগতে পঢ়ক :চাৰিপুনিয়া পৰিষদৰ বিজেপি প্ৰাৰ্থী মদন দেউৰীৰ নাই কোনো প্ৰতিদ্বন্দ্বী !