অসম

assam

ETV Bharat / state

শিৱসাগৰত পোহনীয়া জীৱ-জন্তুৰ মাজত লাম্পী ৰোগ - lampi skin disease

কৰ'ণা ভাইৰাছে ত্ৰাস চলোৱা সময়তে শিৱসাগৰত জীৱ-জন্তুৰ দেহত দেখা দিছে এক নতুন ৰোগ ৷ গাহৰি মাজত দেখা দিয়া আফ্ৰিকান ছোৱাইন ফিভাৰৰ উপৰিও এইবাৰৰ গৰুৰ মাজত দেখা দিছে এক অচিন ৰোগে ৷ অসমত প্ৰথমবাৰৰ বাবে দেখা দিয়া এই বেমাৰ লাম্পী স্কিন ৰোগ বুলি চিনাক্ত কৰিছে পশুপালন বিভাগে ।

শিৱসাগৰ
শিৱসাগৰত পোহনীয়া জীৱ-জন্তুৰ মাজত লাম্পী ৰোগ

By

Published : Aug 31, 2020, 4:30 PM IST

শিৱসাগৰ, 31 আগষ্টঃ মহামাৰী কৰ'ণা ভাইৰাছ সন্ত্ৰাসৰ সমান্তৰালকৈ অসমত পোন প্ৰথমবাৰৰ বাবে দেখা দিয়া জীৱ-জন্তুৰ ৰোগে পশুপালকৰ মাজত আতংকৰ সৃষ্টি কৰিছে । ইতিমধ্যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ ইথিকেল ছোৱাইন ফিভাৰত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাত বহু সংখ্যক গাহৰিৰ মৃত্যু হৈছে । জিলাখনৰ বিভিন্ন প্ৰান্তত বৰ্তমানে ১৫০০ ৰো অধিক গাহৰিৰ এই ৰোগত মৃত্যু হোৱা বুলি বিভাগৰ তৰফৰ পৰা অৱগত কৰা হৈছে যদিও প্ৰকৃততে আফ্ৰিকান ছোৱাইন ফিভাৰত মৃত্যু হোৱা গাহৰিৰ সংখ্যা বহু বেছি ।

শিৱসাগৰত পোহনীয়া জীৱ-জন্তুৰ মাজত লাম্পী ৰোগ

বিভাগে এই ৰোগ নিৰাময়ৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও ৰোগ অধ্যুষিত অঞ্চলত গাহৰিৰ সামূহিক নিধন(কালিং) কৰাৰ পৰিকল্পনা কৰিছে । এনে ৰোগাক্ৰান্ত অঞ্চল সমূহৰ ৰোগীয়া গাহৰি সমূহ বিভাগে পশুপালকৰ পৰা ক্ৰয় কৰি নিধন কৰাৰ পাছত অঞ্চল ছেনিটাইজ কৰি ৪৫ দিনৰ পৰ্যৱেক্ষণৰ পাছত ৰোগমুক্ত হলে সেই অঞ্চলত পুনৰ গাহৰি পোহাৰ ব্যৱস্থা কৰিব । গাহৰিৰ মাজত দেখা দিয়া আফ্ৰিকান ছোৱাইন ফিভাৰৰ উপৰিও চলিত মাহত গৰুৰ মাজত এক নতুন বেমাৰে দেখা দিছে । অসমত পোন প্ৰথমবাৰৰ বাবে দেখা দিয়া এই বেমাৰ লাম্পী স্কিন ৰোগ বুলি পশুপালন বিভাগে চিনাক্ত কৰিছে । বৰ্তমানে প্ৰতিষেধক নোহোৱা এই বেমাৰৰ ফলত গৰুৰ দেহত কিছুমান টেমুনা উঠি গৰুটো বেমাৰী কৰাৰ লগতে বংশবৃদ্ধিৰ ক্ষমতা নাশ কৰাৰ উপৰিও দুগ্ধ উৎপাদন হ্ৰাস কৰে । জিলাখনৰ গেলেকী, নামতি, আমগুৰি আদিকে কৰি বিভিন্ন স্থানৰ ১৪৬ খন গাঁৱৰ ১০৪ টা এনে ৰোগৰ আনুষ্ঠানিক খৱৰ বিভাগে লাভ কৰিছে । প্ৰতিষেধক নথকা এই ৰোগ নিৰাময়ৰ বাবে বিভাগে আক্ৰান্ত গৰু সমূহ জাকৰ পৰা পৃথকে ৰাখিবলৈ পশুপালক সকলক আহ্বান জনাইছে । বিভাগে ইতিমধ্যে ঠায়ে ঠায়ে চিকিৎসা শিৱিৰ পাতি ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰিছে ।

শিৱসাগৰত পোহনীয়া জীৱ-জন্তুৰ মাজত লাম্পী ৰোগ

আনহাতে, শিৱসাগৰৰ দিখৌমুখ অঞ্চলটো মহৰ মাজত এক অচিন ৰোগে দেখা দিছে । অস্বাভাৱিক ভাৱে খাদ্য গ্ৰহণ নকৰাৰ ফলত বহু মহৰ মৃত্যু হোৱা বুলি বাতৰি লাভ কৰা হৈছে যদিও এতিয়াও বিভাগৰ তৰফৰ পৰা এনে কোনো তথ্য লাভ কৰা হোৱা নাই । জনসাধৰণৰ মাজত কৰ'ণা সংক্ৰমণে ত্ৰাস সৃষ্টি কৰা সময়ত এইদৰে পোহনীয়া জীৱ-জন্তুৰ মৃত্যুৱে স্বাভাৱিকতে জিলাখনত পশুপালকৰ মাজত আতংকৰ সৃষ্টি কৰিছে । বিভাগে এনে ৰোগীয়া জন্তুৰ মাংস ভক্ষণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ৰাইজক ।

শিৱসাগৰত পোহনীয়া জীৱ-জন্তুৰ মাজত লাম্পী ৰোগ

লগতে পঢ়কঃ পৰিত্যক্ত গুৱাহাটীৰ অভিলাষী বৈদ্যুতিক শ্মশান

ABOUT THE AUTHOR

...view details