শিৱসাগৰ, 28 অক্টোবৰ : ৰাজ্যত পুনৰ পোহৰলৈ আহিছে ভুৱা পৰিচয় দি বিয়া পতাৰ লগতে শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ এক ভয়ংকৰ ঘটনা ৷ ২০১৭ চনতে শিৱসাগৰৰ বানমুখ জাপিসজীয়া গাঁৱৰ এগৰাকী যুৱতীক ৰাজ হাজৰিকা নামৰ এজন যুৱকে নিজ ধৰ্মৰ ভুৱা পৰিচয় দি প্ৰেমৰ চলনাৰে বিয়া পাতে । কিন্তু, বিয়াৰ পিছতেই ওলাই পৰিল জোলোঙাৰ মেকুৰী ৷
প্ৰৱঞ্চক ৰাজ সগোত্ৰীয় ধৰ্মৰ নহয় বুলি জানিব পাৰে যদিও যুৱতী গৰাকীৰ পিতৃৰ ঘৰলৈ ঘূৰি যোৱাৰ পথ বন্ধ হৈ পৰাত ৰাজৰ ধৰ্ম গ্ৰহণ কৰি নাম পৰ্যন্ত সলনি কৰিব লগা হয় তেওঁ । কিন্তু ৰাজে মহিলা গৰাকীক শাৰিৰীক-মানসিক অত্যাচাৰ কৰা আৰম্ভ কৰে ৷ ইয়াৰ লগতে যুৱতীগৰাকীৰ জীৱন ধাৰণৰ সকলো সমল বন্ধ কৰি দিয়ে প্ৰৱঞ্চক ৰাজে ।
লাভ জিহাদ ,হানী ট্ৰেপিঙৰ জৰিয়তে একাধিক মহিলাক ঠগা কোন এই ৰাজ হাজৰিকা ? আনকি বিয়াৰ পিছত এতিয়া পত্নীগৰাকীক ভাড়া ঘৰত অকলে এৰি থৈ ঘৰ ভাড়া পৰ্যন্ত নিদিয়াকৈ আত্মগোপন কৰি আছে প্ৰৱঞ্চক ৰাজে ৷ উপায়ন্তৰ হৈ বৃহস্পতিবাৰে মহিলাগৰাকীয়ে শিৱসাগৰৰ সদৰ থানাত নিজ স্বামী ৰাজৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে ৷
সংবাদ মাধ্যমক তেওঁ অৱগত কৰা অনুসৰি তেওঁৰ দৰেই ৰাজে ইতিমধ্যে আৰু তিনিগৰাকী মহিলাৰ সৈতে বিবাহ সম্পন্ন কৰিছে ৷ ইয়াৰোপৰি একাধিক নামৰো অধিকাৰী প্ৰৱঞ্চক ৰাজ ৷ আনহাতে তাৎপৰ্যপূৰ্ণ ভাৱে মহিলাগৰাকীয়ে ৰাজ হানিট্ৰেপিঙৰ লগতে ধনদাবীৰ সৈতেও জড়িত বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে এজাহাৰৰ বিপৰীতে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :পঞ্জাৱৰ পৰা গাহৰি আহিলে অসমত মূল্যবৃদ্ধি হ’বই : জয়ন্ত মল্ল বৰুৱা