আমগুৰি,20 মে’:অসমীয়া লোকসংস্কৃতিৰ অনন্য এক শিল্প হৈছে মুখাশিল্প । সংস্কৃতিৰ লগত জড়িত ৰাজ্যৰ এই শিল্পৰ অসম লগতে বিদেশতো আছে বিশেষ সমাদৰ । এই মুখাশিল্পক লৈ ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰি জীৱনৰ বাটত বাট বুলিছে শিৱসাগৰৰ আমগুৰিৰ এজন ব্যক্তিয়ে । ২০১০ চনৰপৰা মুখাশিল্পৰ লগতে ভাওনাত ব্যৱহৃত সামগ্ৰী নিৰ্মাণ কৰি বৰ্তমান জীৱন-জীৱিকা চলায় নিয়াৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰাও বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
আমগুৰি জাঁজীৰ ঐতিহাসিক জৰাবাৰী সত্ৰৰ কাষতে থকা ব্যক্তিজনৰ নাম প্ৰদীপ হাজৰিকা । মুখাশিল্পৰ লগতে অন্যান্য বহুকেইটা সৃষ্টিকামী শিল্পক নিজ হাতেৰে গঢ় দি অসমৰ লগতে বাহিৰতো প্ৰদৰ্শনীৰ সুবিধা লাভ কৰিছে । কিন্তু সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ বাবে আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছে এই সৃষ্টিকামী শিল্পৰ লগত জড়িত শিল্পী প্ৰদীপ হাজৰিকা । সাংস্কৃতিক অনুষ্ঠানবিলাক বন্ধ হৈ পৰাত প্ৰদীপ হাজৰিকা দৰে শিল্পীসকলে এতিয়া ভুগিছে আৰ্থিক নিৰাপত্তাহীনতাত ৷