অসম

assam

ETV Bharat / state

Piggery Syndicate: কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ, নাগালেণ্ডলৈ নিয়াৰ পথত গাহৰি ভৰ্তি ট্ৰেইলাৰ জব্দ - Piggery Syndicate

ৰাজ্যত অব্যাহত আছে গাহৰি চিণ্ডিকেট (Piggery Syndicate in Assam)৷ শিৱসাগৰ জিলাৰ আমগুৰিত এখন গাহৰি ভৰ্তি ট্ৰেইলাৰ জব্দ কৰাৰ পিচতে শিৱসাগৰ জিলা পশু পালন আৰু পশু চিকিৎসা বিষয়া অক্ষয় কেশৰী আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছে কেইবাটাও স্থানীয় দল সংগঠনে (Locals burnt Effigy of Atul Bora)৷

Locals burnt Effigy of Atul Bora against Piggery Syndicate
নাগালেণ্ডলৈ নিয়াৰ পথত গাহৰি ভৰ্তি ট্ৰেইলাৰ জব্দ

By

Published : Mar 19, 2023, 8:44 PM IST

নাগালেণ্ডলৈ নিয়াৰ পথত গাহৰি ভৰ্তি ট্ৰেইলাৰ জব্দ

আমগুৰি,১৯ মাৰ্চ: ৰাজ্যজুৰি চৰকাৰৰ শেন চকুকো কেৰেপ নকৰি একাংশই অব্যাহত ৰাখিছে বহিঃৰাজ্যৰ পৰা গাহৰিৰ সৰবৰাহ (Piggery Syndicate in Assam) ৷ ৰাজ্য চৰকাৰে নীতি নিৰ্দেশনা দিয়েহে দিয়ে কিন্তু কাৰো যেন ভ্ৰূক্ষেপেই নাই ৷ চৰকাৰ নিৰ্দেশনাকো ভেঙুচালি কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বহিঃৰাজ্যৰ গাহৰিৰ সৰবৰাহ চলি থকাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰাৰ পিচতে এইবাৰ শিৱসাগৰ জিলাৰ আমগুৰিত এখন গাহৰি ভৰ্তি ট্ৰেইলাৰ জব্দ কৰা হৈছে (Trailer seized at Amguri) ৷

শনিবাৰে নিশা বেংগালুৰুৰ পৰা KA-01- AM-4612 নম্বৰৰ এখন ট্ৰেইলাৰত নাগালেণ্ডলৈ গাহৰি সৰবৰাহ কৰি থকাৰ সময়তে আমগুৰিৰ টাই আহোম যুৱ পৰিষদ, আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঐক্যৱদ্ধ হৈ ট্ৰেইলাৰখন ধৰিবলৈ সক্ষম হয় ৷ তাৰ পিচতে ট্ৰেইলাৰখন আমগুৰি আৰক্ষীক চমজাই দিছিল সংগঠনকেইটাই ৷

এই ঘটনাৰ পিচতে দেওবাৰে আমগুৰিৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনকেইটাই ৷ প্ৰতিবাদী নেতাসকলে দাবী কৰা অনুসৰি আমগুৰি প্ৰশাসনে চৰকাৰক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি গাহৰি মাফিয়া চক্ৰক ৰঙা দলিচা পাৰি দি নাগালেণ্ডলৈ গাহৰিভৰ্তি ট্ৰেইলাৰসমূহ পাৰ হৈ যাবলৈ সুবিধা কৰি দিয়ে ৷ প্ৰশাসনে গাহৰি মাফিয়াৰ লগত গোপনে মিতিৰালি কৰিছে ৷ নাগালেণ্ডৰ কেইবাখনো জিলাত গাহৰি সৰবৰাহ আৰু মাংস বিক্ৰী বন্ধ ৰখাৰ সময়তে বহিঃৰাজ্যৰ পৰা গাহৰিৰ আনি অবাধ চিণ্ডিকেট চলাই আহিছে ।

ইফালে সদৌ অসম গাহৰি পালক সন্থাই কৰা অভিযোগ অনুসৰি জব্দ কৰা আমগুৰি প্ৰশাসনে গাহৰি ভৰ্তি ট্ৰেইলাৰখন সন্ধিয়ালৈ থানাৰ পৰা এৰি দিয়া হয় ৷ ফলত আমগুৰিত শিৱসাগৰ জিলা পশু পালন আৰু পশু চিকিৎসা বিষয়া অক্ষয় কেশৰী আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছে সংগঠনকেইটাই (Locals burnt Effigy of Atul Bora)৷

উল্লেখ্য যে, যোৱা 11 মাৰ্চত জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত মন্ত্ৰী অতুল বৰাই দেশত ছোৱাইন ফ্লু আৰু এভিয়ান ইনফ্লুৱেঞ্জা সংক্ৰমণৰ বৃদ্ধি পোৱা বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ গাহৰি আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল (Restriction on pig and chicken import) । ইফালে বহিঃৰাজ্যৰ পৰা গাহৰি আমদানি বন্ধ কৰাৰ ফলত ৰাজ্যত একাংশ অশুভ চক্ৰই যাতে গাহৰিৰ মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ ওপৰত চৰকাৰে চোকা নজৰ ৰাখিছে বুলি সদৰী কৰিছিল ৷

ৰাজ্যত সম্প্ৰতি একাংশ লোকে গাহৰি পালনৰ লগতে মুৰ্গী পালনৰ কক্ষেত্ৰত ধাৱমান হোৱাৰ ফলত অসম আত্মনিৰ্ভৰশীল হোৱাৰ দিশে গতি কৰিছে । সেয়েহে থলুৱা গাহৰি আৰু কুকুৰা পালকসকলৰ স্বাৰ্থত ৰাজ্য চৰকাৰে বাহিৰৰ ৰাজ্যসমূহৰ পৰা অসমলৈ গাহৰি আৰু কুকুৰাৰ পৰিবহনত প্ৰতিবন্ধকতা আৰোপ কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল মন্ত্ৰী বৰাই ৷

লগতে পঢ়ক:Atul Bora Press Meet: অসমলৈ বহিঃৰাজ্যৰ গাহৰি-কুকুৰা আমদানিত প্ৰতিবন্ধকতা

ABOUT THE AUTHOR

...view details