আমগুৰি, 4 নৱেম্বৰ :শিৱসাগৰ জিলাৰ আমগুৰিত অথন্তৰ ৷ শিৱসাগৰ জিলাৰ আমগুৰি লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত ধোদৰ আলিৰ পৰা চ'লাৰ প্ৰজেক্ট সংযোগী চাংমাই কোঁৱৰ গাঁও পথটো নির্মাণৰ পিচতেই এতিয়া বখলা-বখলে এৰিবলৈ লৈছে ৷ ন কৈ নিৰ্মিত এই ৰাস্তাটোৰ নিৰ্মাণকাৰ্য দেখি হতচকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ লগতে সকলোৰে মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে, চাংমাই কোঁৱৰ গাঁও পথটো বালি-মাটিৰ ওপৰতে ব্লেক টেপিং কৰি নিৰ্মাণ কাৰ্য চলাই নিছিল । স্থানীয় যুৱকসকলে এই দৃশ্য প্ৰত্যক্ষ কৰি ৰাস্তাটোৰ নিৰ্মাণৰ দায়িত্বত থকা বিষয়াক এই পথটোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিবলৈ দাবী জনায় । স্থানীয় যুৱকৰ প্ৰতিবাদ অন্তত মহৰীসহ লোকনিৰ্মাণ বিভাগৰ বিষয়াই উক্ত স্থানৰ পৰা পলায়ণ কৰে । সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে স্থানীয় যুৱকে ৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি, আমগুৰি লোকনিৰ্মাণ বিভাগৰ অভিযন্তা বিমান হাজৰিকাই স্থানীয় যুৱকক পথটোৰ নিৰ্মাণৰ বাবে কেৱল 18 লাখ টকা আবণ্টন হোৱা বুলি মিথ্যাচাৰৰ আশ্ৰয় লৈ আহিছিল । এই কথা গম পাই স্থানীয় একাংশ যুৱকে সন্দেহবশত এই বিষয়টো সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ সহায় লয় ।
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত অহা তথ্য অনুসৰি, পথটোৰ নিৰ্মাণত প্ৰায় 68 লাখ টকা আবণ্টন হৈছে । এই তথ্য পোহৰলৈ অহাৰ পিচতে আমগুৰি লোকনিৰ্মাণ বিভাগৰ অভিযন্তা বিমান হাজৰিকাৰ মিথ্যাচাৰৰ স্বৰূপ ওলাই পৰে । এই দুৰ্নীতি তথা অনিয়মৰ কথা জ্ঞাত হৈ ক্ষোভিত হৈ পৰে স্থানীয় যুৱকসকল ৷ স্থানীয় যুৱকসকলৰ দাবী অভিযন্তা বিমান হাজৰিকাৰ বিৰুদ্ধে উৰ্দ্ধতন কৰ্তৃপক্ষই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷