আমগুৰি,3 জুন:লক ডাউনত ক্ষতিগ্ৰস্ত অসমৰ এখন স্বাদযুক্ত লিচুৰ বজাৰ ৷ ৰাজ্যৰ ভিতৰত তেজপুৰৰ পিছতে খ্যাতি লাভ কৰা শিৱসাগৰৰ জাঁজীৰ লিচু বজাৰত পূৰ্বৰ দৰে দেখা পোৱা নগ’ল ক্ৰেতা-বিক্ৰেতাৰ ভীৰ ৷ শিৱসাগৰ আৰু যোৰহাট জিলা সংলগ্ন জাঁজীৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এই লিচুৰ বজাৰখনত প্ৰভাৱ পৰিলক্ষিত হৈছে লক ডাউনৰ ৷ তৎস্বত্বেও সামাজিক দুৰত্ব বজাই ৰাখি একাংশ ব্য়ৱসায়ীয়ে বিক্ৰী কৰিছে লিচু ৷
লক ডাউনৰ প্ৰভাৱ জাঁজীৰ লিচু বজাৰত - Litchi Market
গ্ৰীষ্মকালীন সময়ৰ সকলোৰে প্ৰিয় এবিধ ফল হৈছে লিচু ৷ অসমৰ তেজপুৰৰ পিছতে বিশেষ নাম থকা শিৱসাগৰৰ জাঁজীৰ লিচু বজাৰত প্ৰভাৱ পৰিছে লক ডাউনৰ ৷ ফলত এইবেলি বজাৰখনত ভীৰ কৰা নাই পূৰ্বৰ দৰে ক্ৰেতাই ৷
লক ডাউনৰ প্ৰভাৱ পৰিলক্ষিত জাঁজীৰ লিচু বজাৰত
উল্লেখ্যে যে,জাঁজীত উৎপাদিত লিচুসমূহত ব্যৱহাৰ কৰা নহয় কোনো ঔষধৰ লগতে ৰাসায়নিক দৰৱ ৷ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে পকিবলৈ দিয়া লিচুসমূহ অত্যন্ত স্বাদযুক্ত হোৱাত সমাদৰ লাভ কৰিছে গ্ৰাহকৰ মাজত ৷ সম্প্ৰতি জাঁজীত লিচুৰ চাহিদা কমি যোৱাত স্থানীয় যুৱকসকলে অত্যধিক দৰত ক্ৰয় কৰিবলগীয়া হৈছে লিচু ৷ অৱশ্যে এই অঞ্চলৰ লিচুৰ সুনামৰ লগতে চাহিদা থকাৰ বাবে গ্ৰাহকে দৰলৈ কেৰেপ নকৰি ক্ৰয় কৰে বতৰৰ প্ৰিয় ফলবিধ ৷
লগতে চাওকঃপলাবলৈ চেষ্টা কৰা শ্ৰমিকৰ দলক কৰায়ত্ত ৰে’ল আৰক্ষীৰ