আমগুৰি,১ মাৰ্চ:অবৈধ সুৰাৰ বিৰুদ্ধে আমগুৰি আৰক্ষীৰ অভিযান ৷ অভিযান চলাই দেওৰাজ আৰু মানটনীয়াত উৎখাত কৰিলে অবৈধ সুৰাৰ ঘাটি ৷ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোৰ পৰা প্ৰায় তিনি হাজাৰ লিটাৰ অবৈধ সুৰা নষ্ট কৰি সুৰাৰ ঘাটি সমূহত অভিযান চলায় ৷
অবৈধ সুৰাৰ বিৰুদ্ধে আমগুৰি আৰক্ষীৰ অভিযান - আমগুৰি আৰক্ষী
আমগুৰি আৰক্ষীয়ে দেওৰাজ আৰু মানটনীয়াত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযানত অঞ্চলটোৰ পৰা প্ৰায় তিনি হাজাৰ লিটাৰ অবৈধ সুৰা নষ্ট কৰে ৷
অবৈধ সুৰাৰ বিৰুদ্ধে আমগুৰি আৰক্ষীৰ অভিযান
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা গাঁওখনত চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়ে শৈক্ষিক-সামাজিক বাতাবৰণ বিনষ্ট কৰি আহিছে ৷ যাৰ ফলত অসন্তুষ্ট হৈ পৰিছিল গাঁওবাসী ৷ সোমবাৰে আমগুৰি আৰক্ষীয়ে দেওৰজা আৰু মানটনীয়াত পাঁচটাৰো অধিক পৰিয়ালৰ গৃহত লুকুৱাই থোৱা চুলাই নষ্ট কৰাত সন্তোষ প্ৰকাশ কৰে অঞ্চলবাসীয়ে ৷
লগতে পঢ়ক:আসনৰ ভাগ বটোৱাৰাক লৈ বিজেপি-অগপৰ বৈঠক