আমগুৰি,৮মে':আমগুৰিত অব্যাহত আছে আৰক্ষীৰ চুলাই ঘাটি উচ্ছেদ অভিযান ৷ শনিবাৰে আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত আমগুৰিৰ বিভিন্ন অঞ্চলত অভিযান চলায় আৰক্ষীয়ে ৷ আমগুৰিৰ দেওৰজা কমাৰচুকত বসন্ত গগৈৰ বাসগৃহত অভিযান চলাই চুলাইৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । আৰক্ষীৰ এই অভিযানত চুলাইৰ ঘাটিসমূহৰপৰা মাটিত পুতি থোৱা অৱস্থাত প্ৰায় ২০০০ লিটাৰ চুলাই নষ্ট কৰা হয় ।
আমগুৰিত আৰক্ষীয়ে উচ্ছেদ কৰিলে চুলাই ঘাটি - আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰ
আমগুৰিত অব্যাহত আছে আৰক্ষীৰ চুলাই ঘাটি উচ্ছেদ অভিযান ৷ শনিবাৰে আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত আমগুৰিৰ বিভিন্ন অঞ্চলত অভিযান চলায় আৰক্ষীয়ে ৷ অভিযানত চুলাইৰ ঘাটিসমূহৰপৰা মাটিত পুতি থোৱা অৱস্থাত প্ৰায় ২০০০ লিটাৰ চুলাই নষ্ট কৰা হয়।
আমগুৰিত আৰক্ষীয়ে উচ্ছেদ কৰিলে চুলাই ঘাটি
উল্লেখ্য যে,আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰে বিভিন্ন সময়ত এনে অভিযান চলাই চুলাই প্ৰস্তুতকাৰী ব্যৱসায়ীসকলৰ কাৰণে ত্ৰাসৰ কাৰণ হৈ পৰিছে । আনহাতে আমগুৰিৰ সচেতন লোকে আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ এনে পদক্ষেপক আদৰণি জনাইছে ।
লগতে পঢ়ক:দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম