অসম

assam

ETV Bharat / state

আমগুৰিত অবৈধ চুলাই ঘাটি উচ্ছেদ আবকাৰী বিভাগৰ - চুলাই ঘাটি

দেওবাৰে আমগুৰিত অবৈধ চুলাই ঘাটিত অভিযান চলাই দহ হাজাৰৰো অধিক চুলাইৰ পাছ নষ্ট আবকাৰী বিভাগৰ ৷ মাটিৰ তলত ড্ৰামত গেলাই ৰাখি প্ৰস্তুত কৰা হৈছিল এই অবৈধ চুলাইসমূহ ৷

liqueur-destroyed
অবৈধ চুলাই ঘাটি উচ্ছেদ

By

Published : Apr 5, 2021, 12:13 PM IST

আমগুৰি,5 এপ্ৰিল : শিৱসাগৰৰ আমগুৰিত দেওবাৰে অবৈধ চুলাই ঘাটিত অভিযান চলায় আবকাৰী বিভাগে ৷ অভিযানত মাটিৰ তলত ড্ৰামত গেলাই ৰখা দহ হাজাৰৰো অধিক চুলাইৰ পাছ নষ্ট কৰিবলৈ সক্ষম হয় বিভাগটোৱে ৷

অবৈধ চুলাই ঘাটি উচ্ছেদ

উল্লেখ্য যে, আমগুৰিৰ বৰবাম, চুটীয়া বস্তিৰ বহুকেইটা পৰিয়ালৰ বাসগৃহত চলোৱা অতৰ্কিত অভিযানত গাঁতত লুকুৱাই ৰাখি প্ৰস্তুত কৰা চুলাইৰ পাছ নষ্ট কৰে আবকাৰী বিভাগে । উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিন ধৰি বহু পৰিয়ালে চুলাই ঘাটি বহুৱাই অঞ্চলটোৰ সামাজিক, শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

আনহাতে, নৱ প্ৰজন্মক ধ্বংসৰ দিশলৈ আগবঢ়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে । এইক্ষেত্ৰত চুলাই ঘাটি উচ্ছেদত নিজাববীয়া অভিযান আৰম্ভ কৰিছে আমগুৰি আবকাৰী বিভাগে । অতি অস্বাস্থ্যকৰভাৱে মাটিৰ তলত ড্ৰামত পুতি চুলাই তৈয়াৰ কৰা ঘাটিসমূহ উচ্ছেদ কৰা কাৰ্যত সন্তোষ প্ৰকাশ কৰে সচেতন লোকে ৷

লগতে পঢ়ক :ডবকাৰ মদাৰতলিত পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details