শিৱসাগৰ,৬ আগষ্ট :অহা ৯ আগষ্টত অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগিতাৰে অনুষ্ঠিত হ'ব ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ (Smriti Romanthan Samaroh of Quit India Movement)। জিলাখনৰ যুৱ দৌলত অনুষ্ঠিত হ'ব এই সমাৰোহ । সমাৰোহ সন্দৰ্ভত শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি উল্লেখ কৰে বিষয়ববীয়াসকলে ।
পুৱা ৫ বজাৰ পৰা বিভিন্ন অনুষ্ঠানৰ লগতে সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা সভা আৰু দিনৰ ১১ বজাত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থনৰ মুকলি সভা মুক্তিযুঁজাৰু শ্ৰীকৃষ্ণ কান্ত লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হ'ব । সাংসদ তপন গগৈ, মন্ত্ৰী যোগেন মহন, ৰণোজ পেগু, অখিল গগৈ আদি উপস্থিত থাকিবলগীয়া এই স্মৃতি ৰোমন্থন সমাৰোহত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিব দেৱ প্ৰসাদ মিশ্ৰ, যুটীয়া গৃহ আৰু ৰাজনৈতিক সচিব অনিমেষ তালুকদাৰ আৰু অখিল ভাৰতীয় মুক্তিযুঁজাৰু সন্মিলনৰ প্ৰধান সম্পাদক নিত্যানন্দ শৰ্মাই নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব ।