অসম

assam

By

Published : Oct 24, 2021, 1:52 PM IST

ETV Bharat / state

হাফলুটিঙত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

দেওবাৰে পুৱতি নিশা আমগুৰি হাফলুটিঙত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ নাহৰফুটুকী চাবলৈ পুৱতি নিশাই ভীৰ অঞ্চলটোৰ ৰাইজৰ ৷

Leopard Caught at Amguri
হাফলুটিঙত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী

আমগুৰি, ২৪ অক্টোবৰ : দেওবাৰে পুৱতি নিশা আমগুৰি হাফলুটিং ন-পামত পিঞ্জৰাৱদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু-ছাগলী-গাহৰি আদি ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ অঞ্চলবাসীৰ অভিযোগ, কেৱল এটাই নহয়, অঞ্চলটোত আছে 6 টাৰো অধিক নাহৰফুটুকী ৷

জানিব পৰা মতে, চাৰিদিন পূৰ্বে আমগুৰি বন বিভাগৰ সহযোগত স্থানীয় ৰাইজে হাফলুটিঙত স্থাপন কৰা হৈছিল এটা পিঞ্জৰা ৷ সেই পিঞ্জৰাতেই পুৱতি নিশা আবদ্ধ হয় নাহৰফুটুকীটো ৷ পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোক চাবলৈ বহু লোকৰ সমাগম ঘটে অঞ্চলটোত ৷

পৰৱৰ্তী সময়ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে নাহৰফুটুকীটো ।

হাফলুটিঙত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী

বন বিভাগৰ লোকে উল্লেখ কৰা অনুসৰি, পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোৰ আনুমানিক বয়স 8-9 বছৰ ৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, পূৰ্বতেও অঞ্চলটোত পিঞ্জৰাবদ্ধ হৈছিল দুটাকৈ নাহৰফুটুকী ।

লগতে পঢ়ক :Viral Audio : সুৰা বিক্ৰীৰ অনুমতি প্ৰদানৰ বিনিময়ত ধন দাবী

ABOUT THE AUTHOR

...view details