অসম

assam

By

Published : Nov 9, 2019, 11:41 AM IST

ETV Bharat / state

নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

বহুদিনৰ পৰা চাহ বাগিছাখনত নাহৰফুটুকী বাঘটোৱে পোহনীয়া জীৱ জন্ত ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল ৷ পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ চাবলৈ হাজাৰ হাজৰ লোক সমবেত হয় ৷

নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

নাজিৰা, ৯ নৱেম্বৰঃনাজিৰা মেকিপুৰ চাহ বাগিছাৰ হাতীপটিত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় শুকুৰবাৰে নিশা ৷ দীৰ্ঘদিন ধৰি চাহ বাগিছাখনৰ পোহনীয়া জীৱ জন্ত ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে ৷ বনবিভাগে পতা পিঞ্জৰাত আৱদ্ধ নাহৰফুটুকীটো ৷

পিঞ্জৰাবদ্ধ হোৱা প্ৰকাণ্ড নাহৰফুটুকীটো

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত সন্ত্ৰাস চলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকীঅৱশেষত বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হয় ৷ বহুদিনৰ পৰা চাহ বাগিছাখনত নাহৰফুটুকী বাঘটোৱে পোহনীয়া জীৱ জন্ত ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল ৷ এই সন্দৰ্ভত চাহ বাগিছাখনৰ পৰিচালকে বন বিভাগক অৱগত কৰাত সোমবাৰে বনবিভাগে বাগিছাখনত এটা পিঞ্জৰা পাতিছিল আৰু শনিবাৰে পুৱাই পিঞ্জৰাত আৱদ্ধ কৰি ৰখা এটা ছাগলী ভক্ষণ কৰিবলৈ আহি প্ৰকাণ্ড নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় ৷ ইফালে পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ চাবলৈ হাজাৰ হাজৰ লোক সমবেত হয় ৷

নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

লগতে পঢ়কঃ কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্পত চাইবাৰ আক্ৰমণ -লে. জে(অৱসৰপ্ৰাপ্ত) ডি এছ হুডা

ABOUT THE AUTHOR

...view details