শিৱসাগৰ,13 মে':অসমৰ জাতীয় জীৱনৰ মহীৰূহ, স্বনামধন্য সাহিত্যিক, সাংবাদিক তথা বুদ্ধিজীৱি হোমেন বৰগোহাঞিৰ মৃত্যুত শোকত ভাগি পৰিছে সমগ্ৰ ৰাজ্যবাসী ৷ একেদৰে শোকত মৰ্মাহত হৈছে মহীৰূহ গৰাকীৰ নাজিৰাৰ মেছাগড়স্থিত পিতৃপুৰুষৰ পৰিয়ালবৰ্গৰ লগতে গাঁওবাসী ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো সদৌ অসম বৰগোহাঁই বংশাৱলী উদযাপন সমিটিয়ে বুধবাৰে বৰগোহাঞিক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
শিৱসাগৰত বৃক্ষ ৰোপনেৰে হোমেন বৰগোহাঞিলৈ শেষ শ্ৰদ্ধাঞ্জলি
স্বনামধন্য সাহিত্যিক, সাংবাদিক তথা বুদ্ধিজীৱি হোমেন বৰগোহাঞিৰ মৃত্যুত শোকত ভাগি পৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো বৰগোহাঞিক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে সদৌ অসম বৰগোহাঁই বংশাৱলী উদযাপন সমিটিয়ে ৷
উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখে পিতৃপুৰুষৰ ভেটিত পদাৰ্পন কৰি তাত অনুষ্ঠিত হোৱা সদৌ বৰগোঁহাই বংশাৱলীত মহীৰূহ গৰাকীয়ে এটি "মেহগনি" গছপুলি ৰোপন কৰিছিল ৷ বুধবাৰে সেই গছপুলিৰ ওচৰতে সদৌ অসম শতবৰ্ষীয় বৰগোহাঁই বংশাৱলী উদযাপন সমিতিয়ে সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি বৃক্ষ ৰোপন কৰাৰ লগতে প্ৰতিচ্ছবিত পুস্পাঞ্জলি প্ৰদান কৰে ৷ উল্লেখ্য যে, প্ৰয়াত সাহিত্যিক গৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন সমিতিয়ে এসপ্তাহৰ বাবে শতবৰ্ষীয় বৰগোহাঞি বংশাৱলীৰ পতাকা অৰ্দ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷