অসম

assam

By

Published : Jun 15, 2021, 8:39 AM IST

ETV Bharat / state

শিৱসাগৰ প্ৰশাসনক 10 দিনৰ সময়সীমা অসম ছাত্ৰ যুৱ সন্মিলনৰ

শিৱসাগৰ নগৰৰ অন্তৰ্গত বহু অঞ্চলত একাংশ দুষ্ট লোকে চৰকাৰী ভূমি দখল কৰি উচ্চ দৰত বিভিন্ন ব্যক্তিক বিক্ৰী কৰি থকাৰ অভিযোগ অসম ছাত্ৰ যুৱ সন্মিলনৰ ৷ ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷

land-encroachment-at-sivsagar
শিৱসাগৰ জিলা প্ৰশাসনক 10 দিনৰ সময়সীমা অসম ছাত্ৰ যুৱ সন্মিলনৰ

শিৱসাগৰ,15 জুন: শিৱসাগৰ নগৰৰ অন্তৰ্গত হনুমান মন্দিৰৰ পৰা কালিবাৰীলৈকে দিখৌ নদীৰ পাৰৰ চৰকাৰী মাটিসমূহত একাংশ দুষ্ট লোকে ঘৰ-বাৰী সাজি চৰকাৰী ভূমি অবৈধভাৱে বেদখল কৰাৰ অভিযোগ অসম ছাত্ৰ যুৱ সন্মিলনৰ ৷ এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাই সংগঠনটোৰ ৰাজ্যিক সভাপতিয়ে সোমবাৰে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷ তথ্য অনুসৰি এই অঞ্চলসমূহত বসতি থকা লোকসকলৰ মাজত একাংশ বান তথা খহনীয়াৰ দৰে প্ৰকৃতিক দুৰ্যোগৰ লগতে অন্যান্য আৰ্থিক সমস্যাৰ ভুক্তভোগী আছে ৷ কিন্তু এই অঞ্চলৰ অধিকাংশ মাটি কিছু দুষ্ট চক্ৰই দখল কৰি উচ্চদৰত বিভিন্ন ব্যক্তিক বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে অসম ছাত্ৰ যুৱ সন্মিলনে ৷ যাৰ বাবে ছাত্ৰ সংগঠনটোৱে প্ৰশাসনক অনতিপলমে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷

শিৱসাগৰ জিলা প্ৰশাসনক 10 দিনৰ সময়সীমা অসম ছাত্ৰ যুৱ সন্মিলনৰ

ছাত্ৰ সংগঠনটোৱে প্ৰশাসনলৈ জনোৱা দাবী সমূহ হ'ল- জিলা প্ৰশাসনে অনতি পলমে তদন্ত কৰি শিৱসাগৰ নগৰ অন্তৰ্গত ওপৰত উল্লেখিত অঞ্চলসমূহত দখল আৰু বসতি কৰি থকা ব্যক্তিসকলৰ বিষয়ে অনুসন্ধান কৰি তথ্য সংগ্ৰহ কৰক ৷ লগতে বান-খহনীয়াৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ লগতে অন্যান্য আৰ্থিক সমস্যাত ভুক্তভোগী হোৱা কিমান ব্যক্তিয়ে এই অঞ্চলত বসতি কৰি আছে তাৰ সত্যাসত্যতাৰ পৰীক্ষা কৰি প্ৰয়োজন অনুসৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ এই অঞ্চলসমূহত মাটি দখল কৰি বিভিন্ন ব্যক্তিক উচ্চ দৰত বিক্ৰী কৰি আইন বহিৰ্ভূত কামত জড়িত দুষ্টচক্ৰৰ বিৰুদ্ধে তৎকালীনভাৱে বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰক ৷

জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান অসম ছাত্ৰ যুৱ সন্মিলনৰ

লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ এই অঞ্চলত নিৰ্মাণ কাৰ্যৰ লগতে অন্যান্য বেদখল উচ্ছেদৰ তৎকালীন ব্যৱস্থা গ্ৰহণ কৰক ৷ এই দাবীসমূহ সমাধানৰ বাবে জিলা প্ৰশাসনক 10 দিনৰ সময়সীমা বান্ধি দিছে সংগঠনটোৱে ৷ অন্যথা এই সমস্যা আৰু অনিয়মৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে সংগঠনটোৰ সদস্যই ৷

লগতে পঢ়কঃচিআইডি আৰু ফৰেনছিক বিভাগৰ নেতৃত্বত আৰম্ভ অভয়াকুটিৰ তদন্ত প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details