আমগুৰি, 19 নৱেম্বৰ: বৃহস্পতিবাৰে আমগুৰি আৰক্ষীৰ অভিযানত জব্দ হয় লালিগুৰ ৷ AS 04 BC 1655 নম্বৰৰ লালিগুৰ ভৰ্তি বাহনখন পশুখাদ্যৰ নামত নগাঁৱৰ লংকাৰ পৰা সৰবৰাহ কৰা হৈছিল ৷ নগাঁও জিলাৰ পৰা শিৱসাগৰ জিলাৰ গেলেকীলৈ লৈ যোৱা অৱস্থাত আমগুৰি আৰক্ষীয়ে দিকচু অঞ্চলত 100 ৰো অধিক লালিগুৰৰ টিং জব্দ কৰে ৷
আমগুৰি আৰক্ষীয়ে আটক কৰিছে বাহনখনৰ চালক সঞ্জয় সিঙক ৷ আৰক্ষীৰ জেৰাত দিয়া স্বীকাৰোক্তিত বাহনখনৰ স্বত্বাধিকাৰী অনুপম বৰুৱা বুলি জানিব পৰা গৈছে ৷ শিৱসাগৰ জিলাৰ আমগুৰিত একাংশ অসাধু ব্যৱসায়ীয়ে পশুখাদ্যৰ নামত বৰবিহ চুলাই তৈয়াৰত ব্যৱহৃত লালিগুৰৰ ব্যৱসায় চলাই অহাৰ বিষয়টো সৰ্বজনবিদিত ।