অসম

assam

ETV Bharat / state

Lakshminath Bezbaroa award: পদ্মশ্ৰী ইমৰান শ্বাহলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা - 150th birth anniversary of Lakshminath Bezbaroa

দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাই (All Assam Students' Union) এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পদ্মশ্ৰী বঁটাপ্ৰাপক, কথা শিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰে সন্মানিত কৰে (Lakshminath Bezbaroa award to Imran Shah) ৷

lakshminath-bejbarua-award-to-padma-shri-imran-shah
পদ্মশ্ৰী ইমৰান শ্বাহলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা

By

Published : Oct 16, 2022, 8:52 PM IST

শিৱসাগৰ, 16 অক্টোবৰ:দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাই (All Assam Students' Union) এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পদ্মশ্ৰী বঁটাপ্ৰাপক, কথা শিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰে সন্মানিত কৰে (Lakshminath Bezbaroa award to Imran Shah) ৷ শিৱসাগৰ নগৰৰ ধাইআলিস্থিত বাসভৱনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান কৰা হয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক (Padma Shri Imran Shah) ৷

পদ্মশ্ৰী ইমৰান শ্বাহলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা

এই বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ (AASU president Dipanka Kumar Nath) , কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকন, গড়গাঁও কলেজৰ অধ্যক্ষ ড৹ সব্যসাচী মহন্ত উপস্থিত থাকে । পদ্মশ্ৰী বঁটাপ্ৰাপক ইমৰান শ্বাহৰ অসুস্থতাৰ বাবে তেখেতৰ নিজা বাসগৃহত বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত শিৱসাগৰ জিলা ছাত্ৰ সন্থাই পোন প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰে ।

বঁটা লাভ কৰি মৃদুভাষী সাহিত্যিক গৰাকীয়ে মনৰ অনুভৱ ব্যক্ত কৰি ‘সাহিত্যৰথীৰ বঁটাৰ বাবে মই যোগ্য নহয় । সদৌ অসম ছাত্ৰ সন্থাই মোক এই বঁটা প্ৰদান কৰিলে মই আনন্দিত । কিন্তু ছাত্ৰ সন্থালৈ এটা অনুৰোধ যে লক্ষ্মীনাথ বেজবৰুৱাৰ (Rasaraj Lakshminath Bezbaroa) দৰে মহীৰূহৰ নামত বঁটাৰ সিদ্ধান্ত এক ভাল সিদ্ধান্ত তাক সুচাৰুপে যাতে যোগ্য ব্যক্তিক প্ৰদান কৰি আগুৱাই নিয়ে’ বুলি মন্তব্য কৰে ৷

উল্লেখযোগ্য যে, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা হৈছে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ব্যক্তিলৈ সন্মান জনাই আগবঢ়োৱা এক বঁটা ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উৎসৱৰ (150th birth anniversary of Lakshminath Bezbaroa ) লগত সংগতি ৰাখি ২০১৪ চনৰ পৰা পণ্ডিত শশীচন্দ্ৰ বৰবৰুৰা ন্যাসে এই বঁটাৰ প্ৰৱৰ্ত্তন কৰে৷ এই বঁটাৰ সৈতে আছে নগদ ২ লাখ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু কিতাপৰ টোপোলা ৷

লগতে পঢ়ক:Congress Presidential Poll : ভোটাৰ তালিকাত নাম নাই কমলাক্ষ্য দে পুৰকায়স্থৰ

ABOUT THE AUTHOR

...view details