অসম

assam

ETV Bharat / state

শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ - ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰাৰ লগতে দাহ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি ।

শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ
শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

By

Published : Jul 2, 2020, 7:10 PM IST

শিৱসাগৰ, 2 জুলাইঃ খিলঞ্জীয়াৰ কৃষিভূমি বহিৰাগত বণিয়াক দিয়াৰ ষড়যন্ত্ৰমূলক অধ্যাদেশ বাতিলৰ দাবীত উত্তাল হৈ পৰিছে সমগ্ৰ অসম। শিৱসাগৰতো বৃহস্পতিবাৰে বীৰ লাচিত সেনাই সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদৰ কাৰ্যসূচী স্বৰূপে দাহ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি । শিৱসাগৰ নগৰৰ কে. পি. এম. চাৰিআলিত সাব্য়স্ত কৰা হয় এই প্ৰতিবাদ ।

শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, ৰাজ্যত যিকোনো ব্যক্তিয়ে তিনিবছৰলৈ কোনোধৰণৰ অনুজ্ঞাপত্ৰ, স্বীকৃতি নোহোৱাকৈ উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰাৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে তীব্ৰ প্ৰতিবাদ জোৱাৰ উঠিছে ৰাজ্যত ।

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত বাতিল নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনাই ।

ABOUT THE AUTHOR

...view details