শিৱসাগৰ,1জুলাইঃ বুধবাৰে শিৱসাগৰ নগৰস্থিত বীৰ লাচিত সেনা অসমৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত লাচিত সেনাই ৰাজ্যৰ বিজেপি দলৰ শাসনাধিষ্ঠ চৰকাৰৰ শেহতীয়া স্থিতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাই অনা অসমীয়া বণিয়া গোষ্ঠীৰ লাভালাভৰ খাতিৰত খিলঞ্জীয়া অসমীয়া লোকৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাৰ গভীৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলিছে।
অসম চৰকাৰৰ নতুন উদ্যোগ নীতিৰ বিৰুদ্ধে সৰৱ লাচিত সেনা - বিজেপি দলৰ শাসনাধিষ্ঠ চৰকাৰ
বণিয়া গোষ্ঠীৰ লাভা লাভৰ খাতিৰত খিলঞ্জীয়া অসমীয়া লোকৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাৰ গুৰুতৰ অভিযোগ বীৰ লাচিত সেনা অসমৰ।
অসম চৰকাৰৰ নতুন উদ্যোগ নীতি অসম আৰু অসমীয়া বিৰোধীঃ লাচিত সেনা
অনা অসমীয়া বনিয়াৰ হাতত বিক্ৰী গৈছে ৰাজ্যৰ বিজেপি চৰকাৰ। উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ চক্ৰান্তত নিজৰ গৃহ ৰাজ্যতে ভূমিৰ অধিকাৰ হেৰুৱাব খিলঞ্জীয়া অসমীয়াই । বীৰ লাচিত সেনা অসমে খিলঞ্জীয়া অসমীয়া ৰাইজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ।
লগতে পঢ়কঃ শদিয়াৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ