অসম

assam

By

Published : Jul 18, 2019, 6:49 PM IST

ETV Bharat / state

বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ নিৰ্যাতনৰ অভিযোগ

শিৱসাগৰৰ অ এন জি চি কলনীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ নৱৰতন মিট্টালৰ বিৰুদ্ধে বিদ্যালয় খনৰে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে উত্থাপন কৰিছে শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ

বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ নিৰ্যাতনৰ অভিযোগ

শিৱসাগৰ,18 জুলাইঃ শিৱসাগৰৰ অএন জি চি কলনীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ নৱৰতন মিট্টালৰ বিৰুদ্ধে বিদ্যালয় খনৰে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। সহপাঠীৰ সৈতে হোৱা এক সৰু সংঘাতক কেন্দ্ৰ কৰি ছাত্ৰী গৰাকীক অশ্লীল ভাষাৰে গালি গালাজ পাৰি তিনি ঘণ্টা ধৰি বিদ্যালয়খনৰ বাৰাণ্ডাত থিয় কৰি ৰখাৰ লগতে 10 দিনৰ বাবে নিলম্বন কৰিছিল। উল্লেখযোগ্য যে,উক্ত সময়ছোৱাত ছাত্ৰী গৰাকীৰ মাহেকীয়া ঋতুস্ৰাৱ চলি থকাৰ সত্বেও বিনাবিচাৰে অধ্যক্ষ নৱৰতন মিট্টাল আৰু বিদ্যালয়খনৰ ইংৰাজী বিষয় শিক্ষক আলি আহমেদে এনে শাস্তি প্ৰদান কৰিছিল। ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকীৰ মাতৃয়ে সমগ্ৰ ঘটনা অৱগত কৰি কেন্দ্ৰীয় বিদ্যালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয় আৰু দিল্লীৰ মুখ্য কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল যদিও শিৱসাগৰ আৰক্ষীয়ে বৰ্তমানলৈকে অনুসন্ধান আৰম্ভ কৰা নাই । ইয়াৰোপৰি দীৰ্ঘদিনৰ পৰাই বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে অসমীয়া কৰ্মচাৰীক নিৰ্যাতন কৰাৰ অভিযোগ আছে ।

বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ নিৰ্যাতনৰ অভিযোগ

ABOUT THE AUTHOR

...view details