আমগুৰি,6 মে’ঃলক্ ডাউনৰ বাবে শিৱসাগৰৰ আমগুৰিত দুৰৱস্থাৰ সৃষ্টি হৈছে কুটীৰ শিল্পীসকলৰ মাজত ৷ আমগুৰিৰ ডিব্ৰুৱাল, নামতি মাজবাৰী, বেলিমুখীয়া চাংমাই, ৰ'দঘাইটিং আদি অঞ্চলত কুটীৰ শিল্পৰ লগত জড়িত প্ৰায় পাঁচ শতাধিক পৰিয়াল ভুগিবলগীয়া হৈছে ব্যাপক আৰ্থিক সংকটত ৷ বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী যেনে- পাচি-খৰাহী, ডলা-চালনী, বিচনী, ঢৰা-ঢাৰি, জাকৈ-খালৈ, জুলুকি-পলহ আদি বিক্ৰীৰে পৰিয়ালসমূহে জীৱন নিৰ্বাহ কৰি আহিছিল ৷ পৰিতাপৰ বিষয় যে, লক্ ডাউনৰ সময়ছোৱাত বজাৰ বন্ধ হৈ থকাত বিশেষকৈ ৰে’লৰ চলাচল বন্ধ হোৱাত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা নাই উক্ত পৰিয়ালসমূহে ।
বিগত সময়ত পৰিয়ালসমূহে সামগ্ৰীবোৰ স্থানীয় বজাৰৰ লগতে ৰে’লৰ জৰিয়তে তিনিচুকীয়াত বিক্ৰী কৰিছিল । উল্লেখ্য যে,অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি মজবুত কৰাত কুটীৰ শিল্পৰ বিশেষ অৰিহণা আছে । প্ৰাচীন কালৰেপৰা বিশেষকৈ আহোম ৰাজত্বৰ কালতো কুটীৰ শিল্পক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল । ৰজা-মহাৰজাসকলে ইয়াৰ লগত জড়িত শিল্পীসকলক বিশেষ মৰ্যাদা প্ৰদান কৰি একোখন বিশেষ গাঁও সংস্থাপন কৰিছিল ।