শিৱসাগৰ,১৬ ছেপ্টেম্বৰ :ৰাজ্যত এতিয়া নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ (Assam recruitment scam)। নিযুক্তি কেলেংকাৰী সম্পৰ্কীয় কেইবাটাও ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে । এফালে যদি চাকৰিৰ দালালক গ্ৰেপ্তাৰ কৰিছে (Job broker arrested) আনফালে আকৌ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে উঠিছে চাকৰিৰ নামত ধন বিচৰাৰ অভিযোগ । আনহাতে শেহতীয়াকৈ হৈ যোৱা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ নিযুক্তিত ধনৰ লেনদেনৰো গুৰুতৰ অভিযোগ উঠিছে ।
চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাত ক্ষোভিত হৈ পৰিছে বিভিন্ন দল-সংগঠন । ইয়াৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও শিৱসাগৰত শুকুৰবাৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (KMSS protest over recruitment scam)। সংগঠনটোৰ শিৱসাগৰ সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জুমুঠিও দাহ কৰে । নিকা আৰু স্বচ্ছ চৰকাৰৰ টেগ লগাই বিজেপি চৰকাৰে চৰকাৰী নিয়োগৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।