শিৱসাগৰ , ১৭ জুন :শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কার্য বন্ধ ৰখাৰ দাবীত সংগঠনটোৱে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট
জলবিদ্যুৎ প্ৰকল্পৰ কাম চিৰদিনলৈ বন্ধ কৰাৰ দাবীত সংগঠনটোৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ।
শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইয়াৰোপৰিও তেওঁলোকে প্ৰকল্পৰ কাম চিৰদিনলৈ বন্ধ কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।