অসম

assam

ETV Bharat / state

কমিছনৰ অংকত ব্যস্ত শিৱসাগৰ আৰক্ষী! - অসম নিউজ

বিগত 26 এপ্ৰিলত শিৱসাগৰ আৰক্ষীয়ে জব্দ কৰিছিল মূল্যবান খয়াৰ কাঠ ৷ তিনিচুকীয়াৰ পৰা দুখন ট্ৰাকেৰে কঢ়িয়াই আনিছিল কোটি টকা মূল্যৰ খয়াৰ কাঠখিনি ৷ আনহাতে, যিকোনো বনজ সম্পদ আৰক্ষীয়ে জব্দ কৰিলে বনজ সম্পদ খিনি বন বিভাগক হস্তান্তৰ কৰাতো বিধিগত নিয়ম ৷ সেই অনুসৰি 26 এপ্ৰিলত জব্দকৃত চোৰাং ট্ৰাক দুখন বন বিভাগক হস্তান্তৰ কৰিব লাগিছিল যদিও ৪ দিন অতিক্ৰম কৰাৰ পাচতো বন বিভাগক খবৰেই নিদিলে আৰক্ষীয়ে

খয়াৰ কাঠ জব্দ

By

Published : May 2, 2019, 8:50 PM IST

শিৱসাগৰ, 2 মেঃ শিৱসাগৰত চোৰাং খয়াৰ কাঠৰ কাণ্ডই 96 ঘন্টা উকলি যোৱাৰ পাচতো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে সমগ্ৰ অঞ্চলজুৰি ৷ শিৱসাগৰ আৰক্ষীৰ ৰহস্যজনক ভূমিকাক লৈ এতিয়া সোচ্ছাৰ হৈছে বিভিন্ন দল-সংগঠন ৷ কমিছনৰ অংকত বন বিভাগলৈ হস্তান্তৰ নকৰাকৈ চোৰাং খয়াৰ সৰবৰাহ কৰা ট্ৰাক মুকলি কৰি দিলে শিৱসাগৰত পৰিস্থিতি উত্তপ্ত কৰাৰ হুংকাৰ বিভিন্ন দল-সংগঠনৰ ৷

খয়াৰ কাঠ জব্দ

উল্লেখ্য যে, বিগত 26 এপ্ৰিলত শিৱসাগৰ আৰক্ষীয়ে জব্দ কৰিছিল মূল্যৱান খয়াৰ কাঠ ৷ তিনিচুকীয়াৰ পৰা দুখন ট্ৰাকেৰে কঢ়িয়াই আনিছিল কোটি টকা মূল্যৰ খয়াৰ কাঠ ৷ আনহাতে, যিকোনো বনজ সম্পদ আৰক্ষীয়ে জব্দ কৰিলে বনজ সম্পদ খিনি বন বিভাগক হস্তান্তৰ কৰাতো বিধিগত নিয়ম ৷ সেই অনুসৰি 26 এপ্ৰিলত জব্দকৃত চোৰাং ট্ৰাক দুখন বন বিভাগক হস্তান্তৰ কৰিব লাগিছিল যদিও ৪ দিন অতিক্ৰম কৰাৰ পাচতো বন বিভাগক খবৰেই নিদিলে আৰক্ষীয়ে ৷ বিপৰীতে 84/ 19 নম্বৰত 411/379 /34 ধাৰাত গোচৰ ৰুজু কৰি 26 তাৰিখেই জেললৈ প্ৰেৰণ কৰিলে গাড়ী দুখনৰ চালক হেণ্ডিমেনসহ চাৰিজনক ৷ আনহাতে,নথিপত্ৰহীন খয়াৰ ভৰ্তি ট্ৰাক দুখন 26 এপ্ৰিলত জব্দ কৰে যদিও খয়াৰ কাঠ খিনিৰ টিপি 28 এপ্ৰিলতহে জব্দ কৰে ৷ বিধি অনুযায়ী কোনো অভিযুক্তক জেললৈ পঠিওৱাৰ পূৰ্বে অভিযুক্তই চুৰ কৰা বুলি সন্দেহ কৰা সামগ্ৰী জব্দ কৰাতো নিয়ম ৷ কিন্তু এই নিয়ম খয়াৰ ট্ৰাক কেইখনৰ ক্ষেত্ৰত উলংঘা কৰা হৈছে বুলি দাবী উত্থাপন কৰে দল সংগঠনসমূহে ৷

ABOUT THE AUTHOR

...view details