অসম

assam

ETV Bharat / state

খোল আৰু তালত বিশাৰদ আমগুৰিৰ এগৰাকী মহিলা - Assam Satra Mahasabha

খোল আৰু তালত বিশাৰদ আমগুৰিৰ এগৰাকী মহিলা (khol and taal Visharad woman from Amguri) । বিগত ২০ বছৰ ধৰি অসমীয়া লোকবাদ্যৰ চৰ্চা কৰি অহা আমগুৰিৰ লালিমছিগাৰ মালবিকা গগৈ দুৱৰাই (Assamese folk musician Malabika Gogoi Duwara) কৰি আহিছে নিৰৱচ্ছিন্ন সাহিত্য চৰ্চাও ।

Amguri
Amguri

By

Published : Sep 7, 2022, 6:21 PM IST

আমগুৰি, ৮ ছেপ্টেম্বৰ : খোল আৰু তালত বিশাৰদ আমগুৰিৰ এগৰাকী মহিলা (khol and taal Visharad woman from Amguri) । বিগত ২০ বছৰ ধৰি অসমীয়া লোকবাদ্যৰ চৰ্চা কৰি অহা আমগুৰিৰ লালিমছিগাৰ মালবিকা গগৈ দুৱৰাই (Assamese folk musician Malabika Gogoi Duwara) কৰি আহিছে নিৰৱচ্ছিন্ন সাহিত্য চৰ্চাও । শিশু সাহিত্যৰ লগতে কেইবাখনো গ্ৰন্থৰ প্ৰণেতা এইগৰাকী মহিলা ।

আনহাতে, নিজ গৃহতে বিনামূলীয়াকৈ অসমীয়া লোকবাদ্যৰো প্ৰশিক্ষণ দিয়ে মালবিকা গগৈ দুৱৰাই । সৌন্দৰ্যপিয়াসী এইগৰাকী ৫৫ বছৰীয়া মহিলাই ঘৰতে সংৰক্ষণ কৰিছে এশবিধ দুষ্প্ৰাপ্য অৰ্কিড (rare orchids conservation) । অৰ্কিডৰ লগতে বাগানভেলিয়া, লিলি, অপৰাজিতা, হাচনাহানা, ৰজনীগন্ধা আদি বিভিন্ন ফুলেৰে জাতিস্কাৰ কৰি ৰাখিছে ঘৰৰ চৌপাশ । বিদ্যালয়ত পঢ়ি থকাৰ পৰাই মালবিকা গগৈ দুৱৰাই সাহিত্য আৰু সংগীত চৰ্চা কৰি আহিছে ।

খোল আৰু তালত বিশাৰদ আমগুৰিৰ এগৰাকী মহিলা

বৰগীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, লোকগীত, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত আদিৰো আনুষ্ঠানিক প্ৰশিক্ষণপ্ৰাপ্ত এইগৰাকী মহিলা । ১৯৯৯ চনৰ পৰা সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা মালবিকা গগৈ দুৱৰাই ২০০৭ চনত ভাতখাণ্ডে সংগীত বিশ্ববিদ্যালয়ৰ (Bhatkhande Music University) পৰা কণ্ঠ সংগীতত বিশাৰদ ডিগ্ৰী লাভ কৰে । ২০১৯ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা ভায়'লিনত বিশাৰদ ডিগ্ৰীও লাভ কৰিছিল ।

২০২২ চনত অসম সত্ৰ মহাসভাৰ (Assam Satra Mahasabha) অধীনত ক্ৰমে খোলবাদ্য আৰু বৰগীতত বিশাৰদ ডিগ্ৰী লাভ কৰে । বাল্যকালৰে পৰা সাহিত্য চৰ্চা কৰা মালবিকা গগৈ দুৱৰা বৰ্তমানলৈকৈ ৬খনকৈ গ্ৰন্থৰ প্ৰণেতা । ইয়াৰে ভিতৰত শিশু পুথি তিনিখন ক্ৰমে আমাৰ ভূপেন মামা (শিশু পুথি, ২০১১), ত্ৰি ইন্দিৰা (শিশু পুথি, ২০১৪) আৰু শতৰূপা- এশগৰাকী বিদূষী মহিলাৰ জীৱনী প্ৰকাশ হৈছে ।

আনহাতে, কাব্য পুথি 'বাকৰুদ্ধ' ২০০৯ চনত প্ৰকাশিত, প্ৰথম প্ৰহৰ (গল্প সংকলন) ২০১১ চনত প্ৰকাশিত, ভিন্ন সুবাস (প্ৰবন্ধ সংকলন) ২০১৪ চনত প্ৰকাশিত হৈছে । অসমৰ বহুকেইখন বহুল প্ৰচাৰিত বাতৰিকাকতত শিশু শিতান, সম্পাদকীয় পৃষ্ঠাৰ নিয়মীয়া লেখিকা মালবিকা গগৈ দুৱৰা । অসম সাহিত্য সভাৰ আজীৱন সদস্য, সৰ্বভাৰতীয় মহিলা কবি সন্মিলনৰ আজীৱন সদস্য, সন্মিলিত শাখা সাহিত্য সভাৰ দুটাকৈ কাৰ্যকালৰ সম্পাদিকাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আহিছে তেওঁ ।

এইগৰাকী মহিলা সমাজৰ কাৰণে আদৰ্শস্বৰূপ । সমাজৰ উঠি অহা কিশোৰ-কিশোৰীসকলক সঠিক পথেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আহোপুৰুষাৰ্থ কৰা মালবিকা গগৈ দুৱৰাই বহুকেইটা স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হৈছে । ই টিভি ভাৰত অসমেও মালবিকা গগৈ দুৱৰাৰ স্বীকৃতিক সন্মান জনোৱাৰ লগতে উত্তৰোত্তৰ ভৱিষ্যত কামনা কৰিছে ।

লগতে পঢ়ক :অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ধুবুৰী ভ্ৰমণ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details