শিৱসাগৰ, 4মাৰ্চঃ কুইপ্প” আৰু আলফা [স্বা] ৰ মধ্যস্থকাৰী কৌশিক ফুকন বৃহস্পতিবাৰে উপস্থিত হয় শিৱসাগৰৰ প্রণৱ গগৈৰ গৃহত। আলোচনা সমাপ্তিৰ অতন্ত স্বগৃহত শীঘ্ৰে উপস্থিত হ'ব কুইপৰ দুই বিষয়া । দুই বিষয়াৰ মুক্তি হ’ব বুলি দুয়োপক্ষ আশাবাদী ৷ দুই-এদিনতে স্ব-গৃহত উপস্থিত হ'ব অপহৃত প্ৰণৱ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ । প্ৰণৱ গগৈৰ বাসগৃহত উপস্থিত হৈ এই বাৰ্তা আলফা-কুইপ'ৰ মধ্যস্থতাকাৰী কৌশিক ফুকনৰ ৷ আলফাই মুক্তিপণ বিচৰাতো অপপ্ৰচাৰ বুলি উল্লেখ কৰে কৌশিক ফুকনে । লগতে তেওঁ কয় কোনো মুক্তিপনৰ বিনিময়ত হোৱা নাই বিষয়াদ্বয়ৰ মুক্তি । কুইপ'কে ধৰি তৈল প্ৰতিষ্ঠানত অসমীয়া যুৱকৰ কৰ্মসংস্থাপনৰ বিষয়তহে হৈছিল এক বিশেষ আলোচনা ।
দুই-এদিনতে স্ব-গৃহত উপস্থিত হ'ব প্ৰণৱ গগৈ আৰু ৰাম কুমাৰ
অপহৃত প্ৰণৱ কুমাৰ গগৈৰ গৃহত কৌশিক ফুকন ৷ দুই তিনিদিনৰ ভিতৰতে স্ব-গৃহত উপস্থিত হ'ব দুই অপহৃত শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ ৷
দুই-এদিনতে স্ব-গৃহত উপস্থিত হ'ব প্ৰণৱ গগৈ আৰু ৰাম কুমাৰ
সম্প্ৰতি স্বাভাৱিকতে প্ৰণৱ গগৈৰ বাসগৃহত আনন্দৰ বন্যা বোৱা দেখা গৈছে ৷ কৌশিক ফুকন আৰু আলফা সেনাধ্যক্ষক কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰণৱ গগৈৰ পত্নী, মাতৃ আৰু কন্যাই ৷
লগতে পঢ়কঃ তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ