অসম

assam

ETV Bharat / state

আকৌ বাঘজান কাণ্ড ! আতংকিত হৈ পৰিছে কালুগাঁওবাসী - খাৰুৱা তেল

আতংকিত হৈ পৰিছে শিৱসাগৰৰ কালুগাঁৱৰ জতকীয়া নাথ গাঁৱৰ নিবাসীসকল ৷ কিয়নো অ' এন জি চিৰ তেল পৰিবাহী পাইপ ফুটাৰ ফলত এটা বৃহৎ অঞ্চলত বিয়পি পৰে খাৰুৱা তেল ৷

Kalugaon residents terrified
আকৌ বাঘজানকাণ্ড ! আতংকিত হৈ পৰিছে কালুগাঁওবাসী

By

Published : Aug 3, 2021, 7:03 PM IST

আমগুৰি, ৩ আগষ্ট :অ' এন জি চিৰ তেল পৰিবাহী পাইপ ফুটাৰ ফলত আতংকিত হৈ পৰিছে শিৱসাগৰৰ কালুগাঁৱৰ জতকীয়া নাথ গাঁৱৰ নিবাসী সকল ৷ যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে বাঘজান কাণ্ডৰ দৰে এক ভয়ংকৰ ঘটনা ৷ নাথ গাঁৱৰ সমীপৰ নামদাং নদীৰ কাষতে দুদিন পূৰ্বে ফুটিছিল অ' এন জি চিৰ তেল পৰিবাহী পাইপ ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে, পাইপ ফুটাৰ ফলত এটা বৃহৎ অঞ্চলত বিয়পি পৰে খাৰুৱা তেল ৷ অ' এন জি চিৰ কৰ্তৃপক্ষই বিয়পি পৰা খাৰুৱা তেল কৰ্মচাৰী জৰিয়তে নিষ্কাশনৰ ব্যৱস্থা কৰিছে যদিও অঞ্চলটোৰ ৰাইজৰ লগতে জীৱকূলৰ নিৰাপত্তা ব্যৱস্থাটোক এতিয়ালৈকে গুৰুত্ব প্ৰদান কৰা নাই ৷ এজাক বৰষুণ আহিলে পাইপৰ পৰা নিগৰি থকা খাৰুৱা তেল নামদাং নদীলৈকে বিয়পি পৰিব পাৰে ৷

আকৌ বাঘজানকাণ্ড ! আতংকিত হৈ পৰিছে কালুগাঁওবাসী

কিয়নো পাইপ ফুটাৰ অঞ্চলটোৰ পৰা নিছেই কাষতে বৈ আছে নামদাং নদী ৷ যি ঠাইৰ পৰা পাইপ ফুটি তেল নিগৰিত হৈছে, সেই ঠাইত অ' এন জি চিয়ে কোনোধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা প্ৰদান কৰা নাই । অগ্নিনিৰ্বাপক বাহনৰ ব্যৱস্থাও কৰা নাই অ' এন জি চিয়ে ৷ কেনেবাকৈ যদি অলপমানো অগ্নি সংযোগ ঘটে তেনেহ'লে মূহুৰ্তৰ ভিতৰতে বাঘজানৰ দৰে চাৰখাৰ হৈ পৰিব পাৰে সমগ্ৰ অঞ্চলতো।

লগতে পঢ়ক: আমগুৰিত তৈল খাদৰ পৰা নিৰ্গৰিত ৰাসায়নিক পদাৰ্থই বিনষ্ট কৰিছে কৃষিভূমি

ইফালে, মাত্ৰ 500 মিটাৰ দূৰত্বতে আছে অ' এন জি চিৰ এটা জিজিএছ । পাইপৰ পৰা তেল নিগৰা বন্ধ কৰিবলৈ সক্ষম হৈছে যদিও কিন্তু বিপদৰ পৰা মুক্ত হোৱা নাই অঞ্চলটো । কিয়নো মাটিৰ পৰা বিয়পি থকা তেলবোৰ সম্পূৰ্ণকৈ নিষ্কাশন নকৰা পৰ্যন্ত সুৰক্ষিত নহয় নাথ গাঁৱৰ ৰাইজ ৷

ৰাইজে অভিযোগ কৰা মতে অ'এনজিচিয়ে বহু বছৰ ধৰি তেল পৰিবাহী পাইপবোৰ সলনি কৰা নাই ৷ পাইপবোৰ পূৰণা হৈ গৈ থকাৰ ফলত প্ৰায়ে অঞ্চলটোত ফুটিবলৈ ধৰিছে খাৰুৱা তেল পৰিবাহী তেলৰ পাইপ ৷ পুৰণা পাইপবোৰৰ ঠাইত নতুনকৈ পাইপৰ ব্যৱস্থা কৰাৰ লগতে সাধাৰণলোকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে অ'এনজিচি কৰ্তৃপক্ষক দাবী জনাইছে জতকীয়া নাথ গাঁৱৰ ৰাইজে ৷

লগতে পঢ়ক: ত্ৰিপুৰাৰ ইণ্ডো-বাংলা সীমান্তত শ্বহীদ বৰণ কৰিলে দুজন বিএছএফ জোৱানে

ABOUT THE AUTHOR

...view details