শিৱসাগৰ, 4 মাৰ্চ :দেশ তথা ৰাজ্যজুৰি মঙলবাৰে অতি উলহ-মালহেৰে আয়োজন কৰা হয় মহা শিৱৰাত্ৰি মহোৎসৱ(Maha Shivratri Mahotsav 2022) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ প্ৰত্যেক বছৰৰ দৰে এই বছৰো ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত চাৰিদিনীয়াকৈ পালন কৰা হয় মহাশিৱৰাত্ৰি (Shivaratri Mahotsav celebrated in Sivasagar Sivadol) ৷ মহাশিৱৰাত্ৰিৰ অন্তিম দিনা অৰ্থাৎ বৃহস্পতিবাৰে শিৱদৌলত আৰ্শীষ লয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে ৷
শিৱ দৌলত পূজা অৰ্চনা কৰি তেওঁ কয় যে, এয়া তেওঁৰ সৌভাগ্য, শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত মূৰ দোঁৱাবলৈ পোৱাটো (Kalpana Patwari visited on the last day of Shivaratri Mahotsav at Sivadol)। লগতে কয় যে, যি সমূহ লোকগীত হেৰাই যাব ধৰিছে বা প্ৰচলিত ধাৰাত যিখিনি সঠিক প্ৰচাৰৰ পৰা বঞ্চিত আছে, সেইখিনিত মনোনিৱেশ কৰি ৰাইজৰ মাজলৈ উলিয়াই আনিবৰ বাবে এয়াই সঠিক সময় । শিপালৈ ঘূৰি গৈ অসমীয়া গীত মাতৰ বৰপেৰাটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস অক্ষুন্ন ৰখাত সকলোৱে একত্ৰিত হোৱা উচিত ।