শিৱসাগৰ, 27 ছেপ্টেম্বৰঃ 2018 চনৰ 10 জুলাই সংঘটিত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰী হত্যাকাণ্ডৰ ৰায়দান ৷ শুকুৰবাৰে শিৱসাগৰ জিলাৰ চেছন আদালতে দিয়ে ঘটনাৰ ৰায়দান ৷ হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত বিপিন পাণ্ডেক সন্দেহৰ আৱৰ্তত ৰাখি খালাচ কৰাৰ বিপৰীতে মহামান্য আদালতে বিকাশ দাসক দোষী সাব্যস্ত কৰে যদিও শাস্তি কি হ'ব তাক ঘোষণা কৰাৰ পৰা বিৰত থাকে । ঘটনা সন্দৰ্ভত, আদালতে আগন্তুক 30 অক্টোবৰত বিকাশ দাসৰ চূড়ান্ত শাস্তি ঘোষণা কৰিব ৷
ৰাধা কুমাৰী হত্যাকাণ্ডৰ ৰায়দান! - যোৰহাট কৃষি বিশ্ববিদ্যালয়
হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত বিপিন পাণ্ডেক সন্দেহৰ আৱৰ্তত ৰাখি খালাচ কৰাৰ বিপৰীতে মহামান্য আদালতে বিকাশ দাসক দোষী সাব্যস্ত কৰে যদিও শাস্তি কি হ'ব তাক ঘোষণা কৰাৰ পৰা বিৰত থাকে ৷
উল্লেখ্য যে,2018 চনৰ 10 জুলাইত ৰে'লৰ ভিতৰত নৃশংসভাৱে হত্যা কৰা হৈছিল ছাত্ৰীগৰাকীক ৷ পুৱা প্ৰায় ৯ বজাত শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’লৱে জংছনত ৰে’ল আৰক্ষীৰ এটা নিয়মীয়া তালাচীৰ দলে ৰেলৰ দবাৰ ভিতৰৰ শৌচালয়ত উদ্ধাৰ কৰে মেধাৱী ছাত্রীগৰাকীৰ মৃতদেহ ৷
পৰৱৰ্তী সময়ত ছাত্রীগৰাকী শিৱসাগৰ নগৰৰ এ এছ টি চি আস্থানৰ সমীপৰ লাচিত নগৰৰ বুলি নিশ্চিত কৰা হয় ৷ ঘটনা সংঘটিত হোৱাৰ দিনা পুৱা মোমায়েকৰ ঘৰলৈ বুলি ওলাই যোৱা যুৱতীগৰাকীক শিৱসাগৰ টাউন ষ্টেছনত মাতৃয়ে ডিব্রুগড়-ৰঙিয়া নামনিমুৱা ৰেলখনত তুলি দিছিল ৷ কিন্তু বিশ মিনিটৰ যাত্ৰাতে সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনা ৷ ধৰ্ষণ কৰি হত্যা কৰা হৈছিল যুৱতীগৰাকীক ৷ পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অনুসন্ধান চলাই ডিব্ৰুগড় আৰু শিৱসাগৰ আৰক্ষীৰ সহযোগত দুই অভিযুক্ত ক্ৰমে বিকাশ দাস আৰু বিপিন পাণ্ডেক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷