অসম

assam

ETV Bharat / state

নাজিৰাত জয়মতী স্মৃতি দিৱস উপলক্ষে মঞ্চস্থ জয়মতী নাট - নাজিৰা

জ্যোতি মহিলা চৰাৰ উদ্যোগত কিশোৰ-কিশোৰীৰ দ্বাৰা নাজিৰাৰ দেউঘৰীয়াত প্ৰদৰ্শিত কৰা হয় জয়মতী নাট । জয়া স্মৃতি দিৱস উপলক্ষে মঞ্চস্থ কৰা হয় এই নাটকৰ ।

নাজিৰাৰ দেউঘৰীয়াত মঞ্চস্থ জয়মতী নাট

By

Published : Apr 1, 2019, 6:44 PM IST

শিৱসাগৰ, ১ এপ্ৰিলঃ নাজিৰাৰ দেউঘৰীয়াত দেওবাৰে মঞ্চস্থ কৰা হয় জয়মতী নাটৰ । জ্যোতি মহিলা চৰাৰ উদ্যোগত কিশোৰ কিশোৰীৰ দ্বাৰা প্ৰদৰ্শিত কৰে এই জয়মতী নাট । ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ এক অনন্য সাহসী, স্বদেশ প্ৰাণ মহিয়সী আহোম ৰমণী সতী জয়মতী, যাৰ আত্ম আহুতিৰে বিশ্ব বুৰঞ্জীত এক গৌৰৱোজ্জল অধ্যায়ৰ ৰচনা কৰি অসমীয়া জাতিক মহৎ গৌৰৱৰ ভাগিদাৰে চিৰঋণী কৰি যায়।

নাজিৰাৰ দেউঘৰীয়াত মঞ্চস্থ জয়মতী নাট

সেই গৰাকী মহিয়সী নাৰী জয়মতীৰ জীৱনাদৰ্শ জীপাল কৰি ৰখাৰ মানসেৰে উদযাপন কৰা হয় জয়া স্মৃতি দিৱস ৷ সেই উদ্দেশ্যে সমগ্ৰ অসমৰ লগতে দেওঘৰীয়াত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় জয়া স্মৃতি দিৱস ৷ তাৰ লগতে সংগতি ৰাখি জ্যোতি মহিলা চৰাৰ উদ্যোগত দেওঘৰীয়া ৰঙ্গমঞ্চত এই উপলক্ষে মঞ্চস্থ কৰা হয় জয়মতী নাটক৷ কিশোৰ কিশোৰী দ্বাৰা অভিনীত এই জয়মতী নাটকৰ সুন্দৰ অভিনয়ে উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে৷

ABOUT THE AUTHOR

...view details