শিৱসাগৰ, 16 মাৰ্চ :জয়সাগৰ পুখুৰী । ৩১৮ একৰ মাটিত মানুহে খন্দোৱা ভাৰতৰ সৰ্ববৃহৎ পুখুৰী । এই পুখুৰীয়ে বুকুত সামৰি থৈছে অসমৰ এক জীৱন্ত ইতিহাস । ত্যাগ আৰু দেশপ্ৰেমৰ ইতিহাস । সতী জয়মতীৰ জীয়া ইতিহাস । এনেইতিহাসৰ স্বাক্ষৰ বহন কৰি জয়সাগৰ পুখুৰীৰ পাৰত থিয় দি আছে জয় দ'ল ।
জয়সাগৰ পুখুৰীৰ বহল সীমাৰ কোনো এক কোণত হয়তো সপ্তদশ শতিকাৰ শেষত জয়মতী কুঁৱৰীক ল'ৰা ৰজাৰ চাওদাঙে কোটকৰা গছত বান্ধি অমানুষিক শাস্তি বিহিছিল । কিন্তু ত্যাগ আৰু প্ৰেমৰ চৰম নিদৰ্শন দেখুৱাই জয়মতী কুঁৱৰীয়ে স্বামীৰ বতৰা নিদি মৃত্যু বৰণ কৰিলে ।
মাকৰ এনে ত্যাগক যুগমীয়া কৰিবলৈ পৰৱৰ্তী সময়ত জয়মতীৰ পুত্ৰ লাই অৰ্থাৎ ৰুদ্ৰ সিংহই মাকক অত্যাচাৰ কৰা জেৰেঙা পথাৰৰ ঠাইত এই বিশাল পুখুৰী খান্দি নিৰ্মাণ কৰালে কেইবাটাও দ'ল-দেৱালয় । ইয়াৰে পুখুৰীৰ পূৱ কোণত নিৰ্মাণ কৰা বিষ্ণু মন্দিৰক জনা যায় জয় দ'ল নামেৰে ।
আহোম যুগৰ অনন্য কীৰ্তি জয় দ'ল এই জয় দ'লে এতিয়াও আমাক সোঁৱৰাই থাকে জয়মতীৰ অৱদান । মাকৰ অকথ্য মৃত্যুক হয়তো ৰুদ্ৰসিংহই সহজে লোৱা নাছিল । যাৰ কাৰণে জয়মতীয়ে কৰি যোৱা কামবোৰৰ দৰে দ'লটো সৰ্বাঙ্গসুন্দৰকৈ গঢ়াৰ নিৰ্দেশ দিছিল ।
জয় দ'লে এতিয়াও সোঁৱৰায় জয়মতীৰ অৱদান জয় দ'ল অসমৰ একমাত্ৰ দ'ল যিটো দ'লৰ তলৰ পৰা সুউচ্চ শৃংগলৈ তেৰাকোটাৰ ভাস্কৰ্য খোদিত হৈ আছে । দলটোৰ দেৱালত শিলত খোদিত বিভিন্ন দেৱ-দেৱী আৰু ৰামায়ণৰ ভিন্ন চিহ্ন অংকিত কৰি ৰাখিছে । জয় দ'লৰ কাষতে আছে এটা গণেশ মন্দিৰ আৰু এটা সূৰ্য মন্দিৰ ।
জয়াৰ স্মৃতি বিজড়িত জয় দ'লৰ এটি অৱলোকন এইদৰে জয় দ'লৰ চৌহদে ভক্তিৰ এক অন্য মাত্ৰা পাইছে । এতিয়া যদিও জয় দ'লৰ ভিতৰত কোনো পূজা-অৰ্চনা নহয়,তথাপিও দ'লৰ ভিতৰ ভাগত অটুট আছে দেৱতা স্থাপনৰ থাপনা । এইদৰে তিনি শতিকা অতিক্ৰম কৰি থিয় দি আছে জয় দ'ল । জয়মতীৰ জয় দ'ল । জয়সাগৰৰ বিশালতা,জয় দ'লৰ অলংকৃত সৌন্দৰ্য্য,পৰিৱেশৰ নীৰৱতা আদি সকলোৱে যেন জয়মতীক সোঁৱৰাই দিয়ে ।
জয়মতীৰ স্মৃতিসমৃদ্ধ জয় দ'ল লগতে পঢ়ক :