অসম

assam

By

Published : Dec 21, 2022, 8:10 PM IST

ETV Bharat / state

Jodumoni released from jail: ২৪ বছৰ বন্ধ কুঠৰীত থকা যদুমণি আজি মুকলি আকাশৰ তলত

আইনৰ ক্ষমা পোৱা যদুৱে নাপালে ঘৰৰ মানুহৰ ক্ষমা (Jodumani released from jail) ৷ শাস্তিৰ ম্যাদ ৰেহাই পোৱাৰ পাছতো জেলতে থাকিল যদু ৷ এনজিঅৰ সহায়ত সুদীৰ্ঘ ২৪ বছৰ বন্ধ কুঠৰীত জীৱন অতিবাহিত কৰা যদুমণি আজি মুকলি আকাশৰ তলত ৷ এতিয়াৰে পৰা যদুৰ নতুন ঠিকনা- শিৱসাগৰ নগৰৰ সমীপত থকা কোঁলৰপুৰৰ সত্যম বৃদ্ধাশ্ৰম ।

Jodumoni released from jail with help of an shape NGO in Sivasagar
কাৰাগাৰৰ পৰা উলাই আহিল শিৱসাগৰৰ যদুমণি

কাৰাগাৰৰ পৰা উলাই আহিল শিৱসাগৰৰ যদুমণি

শিৱসাগৰ, ২১ ডিচেম্বৰ: মানুহ মাত্ৰেই ভুল ৷ দৈনন্দিন জীৱনত আমি বহুতো ভুল কৰো ৷ কেতিয়াবা যদি কিছুমান ভুল জানি শুনি কৰা যায় আন কেতিয়াবা আকৌ কিছুমান ভুল অজানিতে কৰা যায় ৷ জানি শুনি কৰা ভুলৰ ক্ষমা নাই যদিও অজানিতে কৰা ভুলৰ ক্ষমা গ্ৰহণযোগ্য হ’ব লাগে ৷ নহয়নে বাৰু ? এই কথাষাৰ কোৱাৰ আঁৰত আছে আজিৰ এই প্ৰতিবেদন ৷ এই প্ৰতিবেদনত আজি আমি কম কিদৰে অজানিতে কৰা এটা ভুলে ধ্বংস কৰিব পাৰে এজন ব্যক্তিৰ জীৱন ৷

অজানিতে কৰা এটা অপৰাধ আৰু এজন অপৰাধী ৷ অপৰাধৰ বাবে আইনে দণ্ড দিলে লোকজনক ৷ ফলস্বৰূপে কাৰাবাস খাটিলে সুদীৰ্ঘ ২৪ টা বছৰ । ২৪ বছৰ কাল কাৰাগাৰৰ বন্ধ কুঠৰীত অতিবাহিত কৰাৰ পাছত অন্ত পৰিল কাৰাবাসৰ ৷ কিন্তু তাৰ পাছতো কাৰাগাৰতে সোমাই থাকিব লগা হ’ল লোকজন । কিন্তু কিয় ? আইনে প্ৰদান কৰা শাস্তি ক্ষমা কৰি দিয়াৰ পাছতো কিয় জেইলত থাকিব লগা হ’ল লোকজন ?

কাৰাগাৰৰ পৰা উলাই আহিল শিৱসাগৰৰ যদুমণি

এতিয়া আহিছো মূল ঘটনালৈ ৷ ১৯৯৮ চনৰ কথা । শিৱসাগৰ জিলাৰ জাঁজি ফুলপানীচিঙাৰ যদুমণি গগৈয়ে অকস্মাৎ সংঘটিত কৰিছিল এটা অপৰাধ ৷ অপৰাধ সংঘটিত কৰি আইনৰ ৰোষত পৰা যদুমণি গগৈৰ বিচাৰ হয় আদালতত । বিচাৰ প্ৰক্ৰিয়াত অপৰাধী প্ৰমাণিত হ’ল যদু ৷ ফলত ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়ে যদুক। তেতিয়াৰে পৰা বন্ধ কুঠৰীত থকা যদুৰ ভাল স্বভাৱ আৰু শুধৰণিৰ বাবে চৰকাৰে তেওঁৰ বাকী শাস্তি ক্ষমা দিলে (Jodumoni released from jail with help of NGO)।

কিন্তু চৰকাৰৰ পৰা দয়া পোৱাৰ পিছতো বিগত প্ৰায় এটা বছৰ ধৰি মুকলি আকাশৰ তললৈ নাহিল যদু । যদুৱে অপেক্ষা কৰিব লগা হ‘ল কাৰোবাৰ অনুকম্পাৰ বাবে । ইয়াৰ কাৰণ যদুৰ ফুলপানীচিঙাৰ ঘৰখন । অকস্মাৎ অপৰাধ সংঘটিত কৰি আদালতৰ শাস্তি পোৱাৰ পাছতো চৰকাৰৰ ক্ষমা পালে যদিও আপোন ঘৰখনৰ ক্ষমা নাপালে যদুৱে । প্ৰশাসনক যদুৰ ঘৰখনে স্পষ্টভাৱে জনাই দিলে "আমি তাক গ্ৰহণ নকৰো" (Jodumoni not forgiven by his family) । এবাৰ নহয়, এটা বছৰত দুবাৰ জনালে "আমি তাক গ্ৰহণ নকৰো"।

কাৰাগাৰৰ পৰা উলাই আহিল শিৱসাগৰৰ যদুমণি

আদালত কিম্বা চৰকাৰৰ ক্ষমা পোৱাৰ পাছতো যেন যদুৰ মুক্তি এক প্ৰকাৰে অনিশ্চিত হৈ পৰিল । কাৰণ যদুক গ্ৰহণ কৰোতা কোনো নাই । এনে সময়তে আগবাঢ়ি আহিল একাংশ লোক । 'শ্বেপ' নামৰ এটা এনজিঅৰ (Shape NGO) লগতে আন স্বেচ্ছাসেৱী সংগঠনে যদুমণিক জেলৰ পৰা মুকলি আকাশৰ তললৈ অনাৰ দায়িত্ব ল’লে । লগতে দায়িত্ব ললে যদুক নিজৰ লগত ৰখাৰো । সকলো আইনী প্ৰক্ৰিয়া সামৰি মঙলবাৰে যদু শিৱসাগৰ জেলৰ পৰা ওলাই আহিল মুকলি আকাশৰ তললৈ (Jodumoni released from jail)।

কাৰাগাৰৰ পৰা উলাই আহিল শিৱসাগৰৰ যদুমণি

শিৱসাগৰ জেলৰ লগত যদুৰ ২৪ বছৰীয়া সম্পৰ্ক শেষ হ’ল । এতিয়াৰে পৰা যদুৰ নতুন ঠিকনা- শিৱসাগৰ নগৰৰ সমীপত থকা কোঁলৰপুৰৰ সত্যম বৃদ্ধাশ্ৰম । শ্বেপ এনজিঅই চলাই থকা বৃদ্ধাশ্ৰমত এতিয়া যদুৰ সংগী হ’ব ককা-আইতা । ঘৰে এলাগী কৰা এইসকল লোকৰ আলপৈচান ধৰি যদুৱে এতিয়া জীৱনৰ বাকী সময় পাৰ কৰিব স্বাধীনভাৱে ।

লগতে পঢ়ক:Suicides in india : 2021 বৰ্ষত 42000 গৰাকী শ্ৰমিকে বাচি ল’লে আত্মহননৰ পথ

ABOUT THE AUTHOR

...view details