অসম

assam

By

Published : Oct 24, 2021, 5:45 PM IST

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক কিয় ক্ষতিকাৰক বুলি ক’লে জিতেন্দ্ৰ সিঙে

শিৱসাগৰত উপস্থিত কংগ্ৰেছ দলৰ শীৰ্ষ নেতা জিতেন্দ্ৰ সিং ৷ শিৱসাগৰত উপস্থিত হৈ বিজেপি দলক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ দলৰ শীৰ্ষ নেতাগৰাকীয়ে ৷

jitandra singh visited thaura
উপ নিৰ্ববাচনৰ গৰম বতাহ

শিৱসাগৰ, 24 অক্টোবৰ :‘‘বাহিৰে ৰং-চং ভিতৰে কোৱা ভাতুৰি ৷ এই কথাষাৰ প্ৰমাণিত হ’ল বিজেপি দলৰ ক্ষেত্ৰত ৷ কেৱল প্ৰতিশ্ৰুতি দিয়ে বিজেপি চৰকাৰে, কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে অসম চৰকাৰ’’ ৷ এই বুলি বিজেপি চৰকাৰক কটাক্ষ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

শিৱ দৌলত মূৰ দোৱালে জিতেন্দ্ৰ সিঙে

উল্লেখ্য যে, দেওবাৰে শিৱসাগৰত উপস্থিত হয় নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক তথা অসম প্ৰদেশৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং ৷ দেওবাৰে থাওৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যৱেক্ষণৰ বাবে শিৱসাগৰত উপস্থিত হয় অসম প্ৰদেশৰ তত্বাৱধায়কগৰাকী । জিলাখনত উপস্থিত হৈয়ে কংগ্ৰেছ নেতাগৰাকীয়ে ঐতিহাসিক শিৱসাগৰৰ শিৱ দৌলত সমগ্ৰ ৰাজ্যৰ মংগলৰ বাবে প্ৰাৰ্থনা সেৱা আগবঢ়াই ।

থাওৰা বিধানসভা সমষ্টিৰ সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপি দলটোক তীব্ৰ সমালোচনা কৰে । ৰাজনীতিৰ মূল্যবোধ জলাঞ্জলি দি বিজেপি দলৰ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধনৰ পোহাৰ মেলি বিধায়ক কিনা-বেচাৰ এক মুকলি কু-পৰম্পৰা আৰম্ভ কৰা বুলি নেতাগৰাকীয়ে সমালোচনা কৰে । লগতে তেওঁ কয় যে, এনে ধনৰ ৰাজনীতি কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে ক্ষতিকাৰক । বৰ্তমান বিজেপি দলে কেৱল বিভেদৰ ৰাজনীতি কৰিছে বুলি তেওঁ ক্ষোভ উজাৰে ।

শিৱসাগৰত উপস্থিত কংগ্ৰেছ দলৰ শীৰ্ষ নেতা জিতেন্দ্ৰ সিং

আনহাতে, কংগ্ৰেছ দলৰ হৈ বিগত নিৰ্বাচনত জয়ী হোৱা থাওৰা সমষ্টিৰ সুশান্ত বৰগোঁহাই আৰু মৰিয়নী সমষ্টিৰ ৰূপজ্যোতি কুৰ্মীয়ে কেৱল কংগ্ৰেছ দলটোক প্ৰতাৰণা কৰিছে এনে নহয়, তেওঁলোকে ৰাইজৰ আস্থাক প্ৰতাৰণা কৰিছে ৷ এই বুলি মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক জিতেন্দ্ৰ সিঙে । আনহাতে, যি সময়ত ৰাজ্যত মূল্যবৃদ্ধিয়ে এক ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে ৷ সেই সময়ত কেৱল নিজৰ লাভৰ বাবে দল সলনি কৰি পুনৰ উপ-নিৰ্বাচনৰ পৰিৱেশ সৃষ্টি কৰা সকলক ৰাইজে ক্ষমা নকৰে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ৷

উপ নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টি সমূহত ৰাইজে প্ৰতাৰক-সুবিধাবাদী নেতাবোৰক শিক্ষা প্ৰদান কৰিব বুলিও কংগ্ৰেছ দলৰ শীৰ্ষ নেতাগৰাকীয়ে দাবী কৰে । দেওবাৰে সমষ্টি ভ্ৰমণত নেতাগৰাকীক সংগ দিয়ে প্ৰাক্তন সভাপতি ৰিপুন বৰা, সভাপতি ভূপেন বৰা, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে দলটোৰ কেইবাগৰাকীও নেতা-কৰ্মী ৷

লগতে পঢ়ক :আফগানিস্তানত অসুৰক্ষিত হিন্দু ; ভাৰতত স্থান দিয়াৰ আহ্বান নিৰ্যাতিতৰ

ABOUT THE AUTHOR

...view details