অসম

assam

ETV Bharat / state

জয়মতী দিৱসৰ দিনটোত ফাকুৱা দ'লত নজ্বলিল এগছি চাকি ! - জয়মতী দিৱস বাতৰি

ৰাইজৰ বেদখলে মাত্ৰ দুকঠা মাটিতহে সীমিত কৰি ৰাখিছে ফাকুৱা দ'লৰ সীমা ৷ পুৰাতত্ব বিভাগে ফাকুৱা দ'লৰ পুনৰ নিৰ্মাণৰ কাম হাতত লৈছে যদিও বিজ্ঞানসন্মতভাৱে ফাকুৱা দ'লৰ স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰি পুনৰ নিৰ্মাণ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে, কৰ’ণা ভাইৰাছৰ আতংকৰ বাবেই শুকুৰবাৰে এগছি বন্তি প্ৰজ্বলন কৰা নহ'ল স্মৃতিসৌধটোত ৷

Jaymati Diwas
জয়মতী দিৱসৰ দিনটোত ফাকুৱা দ'লত নজ্বলিল এগছি চাকি !

By

Published : Mar 27, 2020, 12:54 PM IST

শিৱসাগৰ,27 মাৰ্চঃআজি জয়মতী দিৱস ৷ আহোম বুৰঞ্জীত ল’ৰা ৰজাৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাবলৈ গদাপানিৰ ঠিকনা লুকুৱাই ৰাখি দেশভক্তিৰ অনন্য নিদৰ্শন দঙি ধৰা মহীয়সী নাৰী সতী জয়মতীৰ মৃত্যু দিৱস ৷ গদাধৰ সিংহৰ মৃত্যুৰ পিছত ৰুদ্ৰসিংহই ৰাজপাটত বহি মাক জয়মতীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে জেৰেঙা পথাৰত পুখুৰী খুন্দি তাৰ পাৰত কেইবাটাও দ'ল নিৰ্মান কৰিছিল ৷ লগতে পুখুৰীৰ নাতিদূৰত জয়মতীৰ এক সোণৰ মূৰ্তি নিৰ্মাণ কৰাৰ লগতে এক ব্যতিক্ৰমী স্থাপত্য শৈলীৰ এখন মৈদামো নিৰ্মান কৰাইছিল ৷ জয়মতীৰ এই মৈদামক জনা যায় ফাকুৱা দ'লৰূপে ৷ পেৰু আৰু মিছৰৰ পিৰামিডৰ শৈলিৰে নিৰ্মিত অষ্টকোণীয়া ফাকুৱা দ'ল আহোম ৰাজত্ব কালৰ এক অনন্য স্থাপত্যৰ নিদৰ্শন ৷ কিন্তু আজিৰ সময়ত স্মৃতিৰ গৰাহত লীন হৈছে সতী জয়মতীৰ স্মৃতিসৌধ ৷

জয়মতী দিৱসৰ দিনটোত ফাকুৱা দ'লত নজ্বলিল এগছি চাকি !

ৰাইজৰ বেদখলে মাত্ৰ দুকঠা মাটিতহে সীমিত কৰি ৰাখিছে ফাকুৱা দ'লৰ সীমা ৷ পুৰাতত্ব বিভাগে ফাকুৱা দ'লৰ পুনৰ নিৰ্মাণৰ কাম হাতত লৈছে যদিও বিজ্ঞানসন্মতভাৱে ফাকুৱা দ'লৰ স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰি পুনৰ নিৰ্মাণ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে, কৰ’ণা ভাইৰাছৰ আতংকৰ বাবেই শুকুৰবাৰে এগছি বন্তি প্ৰজ্বলন কৰা নহয় স্মৃতিসৌধটোত ৷ এতিয়া প্ৰশ্ন হয় দেশ ৰক্ষাৰ বাবে জয়মতীৰ ত্যাগ আৰু স্মৃতিক অসমীয়াই ধৰি ৰাখিবলৈ সক্ষম হ’বনে ? নে বেদখলকাৰীৰ কবলত পৰি নিঃশেষ হৈ যাব জয়াৰ শেষ স্মৃতি ?

লগতে পঢ়ক-তলাবন্ধৰ সময়ছোৱাত আপুনি কি কি কৰিব পাৰে আৰু কি কি নোৱাৰে !

ABOUT THE AUTHOR

...view details