শিৱসাগৰ, 1 ডিচেম্বৰ : শিৱসাগদৰৰ তলাতল ঘৰ, ৰংঘৰৰ লগতে ঐতিহাসিত পৰ্যটন স্থলীসমূহত থলুৱা লোকক কৰ্মচাৰী হিচাপে নিযুক্তিৰ দাবীত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰেজাতীয় সংগ্ৰামী সেনা অসমে(Protest for Demanding Indigenous Recruitment) ৷ ঐতিহাসিক তলাতল ঘৰৰ সন্মুখত জাতীয় সংগ্ৰামী সেনাই সাব্যস্ত কৰে প্ৰতিবাদ (Jatiya Sangrami Sena Protest) ৷
উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ঐতিহাসিক স্থানত মৰ্যদা হানিকৰ কাম-কাজ বন্ধ কৰা, পৰ্যটক তথা দৰ্শনাৰ্থী সকলক দুব্যৱহাৰ বন্ধ কৰাৰ লগতে এশ শতাংশ থলুৱা নিযুক্তি দিয়াৰ(Indigenous Recruitment News) ব্যৱস্থা কৰা দাবী উত্থাপন কৰে সংগঠনটোয়ে ৷ উল্লেখ্য যে, কেইদিন মান পূৰ্বে অসমীয়া ছবিজগতৰ এগৰাকী অভিনেতা ত্ৰিদিপ লাহনক তলাতল ঘৰৰ টিকত ঘৰত থকা এগৰাকী অনা-অসমীয়া কৰ্মচাৰীয়ে দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷