আমগুৰি, ২৮ অক্টোবৰ:চুবুৰীয়া নগাৰাজ্যৰ পৰা শিৱসাগৰ জিলাৰ আমগুৰিৰ মাজেৰে বৈ যোৱা ঐতিহাসিক জাঁজী নদীৰ গৰাখহনীয়াই সম্প্ৰতি টোপনি হৰণ কৰিছে আমগুৰিৰ কেইবাখনো গাঁৱৰ ৰাইজৰ । প্ৰাপ্ত তথ্য মতে, আমগুৰিৰ ভূঞাহাট গাঁও পঞ্চায়তৰ অধীনস্থ ভূঞাহাট কৈৱৰ্তগাঁও, সাউদ গাঁও, চাওদাং গাঁৱকে মুখ্য কৰি কেইবাখনো জাঁজী নদীপৰীয়া গাঁৱত গৰাখহনীয়াই সৃষ্টি কৰা সমস্যাই ৰাইজৰ নিদ্ৰাহৰণ কৰিছে ৷
অসম চৰকাৰৰ জলসম্পদ বিভাগক ভুক্তভোগী ৰাইজে এই গুৰুতৰ সমস্যাৰ বিষয়ে অৱগত কৰাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । যাৰবাবে সংশ্লিষ্ট গাঁৱৰ বহু লোকৰ কৃষিভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে । স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে, এই গুৰুতৰ সমস্যাই দীৰ্ঘদিন ধৰি তাণ্ডৱ চলোৱাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বে নদীখনে খহনীয়া সৃষ্টি কৰা ঠাইত জল সম্পদ বিভাগে কলমৌ ৰোপনৰ ব্যৱস্থা কৰে । পৰৱৰ্তী সময়ত পাৰ্কুপাইনৰো ব্যৱস্থা কৰাৰ কথা জনা যায় যদিও সেইবিলাক প্ৰতিৰোধ ব্যৱস্থা বিজ্ঞানসন্মত নোহোৱাত চৰকাৰী ধন পানীত পৰিল ।