আমগুৰি,২৫ এপ্ৰিল: যোৰহাট জিলাৰ তিতাবৰ কমলাবাৰী সত্ৰৰ শিল্পী নৰেন্দ্ৰ খাটনীয়াৰ বগায়নক প্ৰদান কৰা হ'ব ২০২২-২৩ বৰ্ষৰ জগন্নাথ মহন্ত সোঁৱৰণী বঁটা । সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত জগন্নাথ মহন্ত সোঁৱৰণী মঞ্চৰ সম্পাদক হিমাদ্ৰী জ্যোতি দত্ত আৰু পূৱেৰুন শিল্পী সমাজৰ সভাপতি ইন্দ্ৰ কমল ফুকনে সদৰী কৰে এই কথা (Jagannath Mahanta Memorial Award) ৷ নৃত্যৰত্ন ড৹ জগন্নাথ মহন্তৰ জন্ম দিৱসৰ দিনা আগবঢ়োৱা হ'ব এই বঁটা (Nrityaratna Dr Jagannath Mahant) ।
পূৱেৰুণ শিল্পী সমাজ, আমগুৰিৰ উদ্যোগত আৰু ড৹ জগন্নাথ মহন্ত সোঁৱৰণী মঞ্চৰ সহযোগত অসমৰ সত্ৰীয়া সংস্কৃতি জগতৰ অন্যতম কাণ্ডাৰী নৃত্যৰত্ন ড৹ জগন্নাথ মহন্তৰ জন্ম দিৱসটি এইবাৰো অহা ১ মে' সোমবাৰে আয়োজন কৰা হৈছে ৷ বিয়লি ২ বজাত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় প্ৰেক্ষাগৃহত (Hemnath Sharma College Auditorium) অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটিতে তিতাবৰ কমলাবাৰী সত্ৰৰ শিল্পী নৰেন্দ্ৰ খাটনীয়াৰ বৰগায়নক এই বঁটা প্ৰদান কৰা হ'ব ।
লগতে পঢ়ক:Braille Hemkosh World Record : বিশ্ব ৰেকৰ্ডৰ পৃষ্ঠাত সোমাল ব্ৰেইল হেমকোষ