অসমীয়া চহা জীৱনৰ পৰম্পৰা জীয়াই ৰাখিছে আমগুৰিবাসীয়ে আমগুৰি,২৭ ডিচেম্বৰ:৯০ দশকৰ এটা প্ৰজন্ম । হয়তো সেই প্ৰজন্মই শেষ প্ৰজন্ম আছিল । যি শেষৰ বাৰৰ বাবে চিনাকী হৈছিল বহু চহকী অসমীয়া পৰম্পৰাৰ সৈতে । আজি সেই সকলক নষ্টালজিক কৰি এই প্ৰতিবেদন । মনত পৰেনে, সেই নৱেম্বৰ ডিচেম্বৰলৈ । যি নৱেম্বৰ ডিচেম্বৰত চোতালত বিয়পি আছিল হিমসনা খেৰৰ সুবাস । মনত পৰেনে, ৰঙা-বগা বলধহালৰ পাছে পাছে ঘূৰা সেই সময়ৰ কথা, মনত পৰেনে চোতালৰ মৰণাত বাগৰ দি ধেমালি কৰা, মনত আছেনে, এছাৰি, মোখোৰা, ওখোন আদি, মনত আছেনে পঢ়া এৰি মৰণা মাৰি থাকোতে আইৰ চেকনীৰ কোব খোৱা, জিভাত এতিয়াও লাগি আছেনে মৰণাৰ কাষত বহি খোৱা কাঁহৰ বাটিৰ ফিকা চাহ আৰু গুৰৰ সোৱাদ ।
আস! কথাবোৰ ভাবিলে এতিয়াও দুচকুত ভাঁহি আহে নিভাজ-নিৰ্ভেজাল সময়ৰ সেই আপুৰুগীয়া ছবিখন । যিখন ছবিত জীৱন্ত চহা অসমীয়াৰ প্ৰকৃত জীৱন । শাওনৰ শ্ৰমবোৰ সোণগুটিৰূপে আদৰি আনি চোতালত অতিকৈ আপোন বলধহালেৰে মৰণা মাৰি, সেই গুটিধানেৰে এসাঁজ খোৱাৰ মাদকতা যেন ক'তোৱেই নাই । কিন্তু, লাহে লাহে ছবিখন ধূসৰ হ'ল । হেৰাই গ'ল কাহিলি পূৱাৰ মৰণা মৰাৰ সেই দৃশ্য, হেৰাল মৰণাৰ ওখোনটো ।
অসমীয়াৰ চোতালত পুৱাতেই দেখা সেই দৃশ্যৰ লগে লগে নোহোৱা হ'ল আৰু বহু ছবি । কৃষকৰ পথাৰত গৰু হাল নোহোৱা হোৱাৰ দৰে অসমীয়াৰ চোতালত গৰুৱে মৰণা মৰা প্ৰথাও বিলুপ্ত হ'ল । বিজ্ঞান প্ৰযুক্তিয়ে সলনি কৰিলে সকলো কথা । অত্যাধুনিক যন্ত্ৰ আৱিস্কাৰ হোৱা লগে লগে যন্ত্ৰৰে ধান কাটি পথাৰতে গুটিধান উলিয়াব পৰা হ'ল । ধান সৰাবলৈ বিভিন্নজনে গ্ৰহণ কৰিবলৈ ল'লে বিভিন্ন পদ্ধতি । পিছে, শেষ বুলিলেই জানো সকলো শেষ? এতিয়াও জীয়াই আছে অসমৰ সেই আপুৰুগীয়া পৰম্পৰা ।
বিজ্ঞান-প্ৰযুক্তিৰ উত্তৰণৰ পিছতো, আধুনিকতাৰ ধামখুমীয়াত এতিয়াও সেই আপুৰুগীয়া পৰম্পৰা হেৰাই যাবলৈ দিয়া নাই ৰাজ্যৰ ভিন্ন প্ৰান্তত । আমগুৰিৰ বিভিন্ন স্থানত এতিয়াও সজীৱ অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা নয়নাভিৰাম গৰুৰে মৰণা মৰা দৃশ্য । এতিয়াও কাহিলি পুৱা শুনা যায় ৰঙা ঘূৰ ঘূৰ, বগা ঘূৰ ঘূৰ । পুৱাৰ শান্ত-সমাহিত পৰিৱেশত গৰুহালে মৰণা মাৰি থকা দৃশ্য আৰু বিকট শব্দ কৰি যন্ত্ৰৰে ধান উলিয়াই থকা দৃশ্যৰ মাজত আছে বহু তফাৎ । জীয়াই থাকক চহা জীৱনৰ সেই আপোন ছবিখন । চিনি পাওক প্ৰজন্মই । চহকী হৈ থাকক অসমীয়া পৰম্পৰা ।
লগতে পঢ়ক:সোণবুলীয়া কমলা খেতিৰে গঢ়িছে কৃষি বিপ্লৱ