অসম

assam

ETV Bharat / state

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ প্ৰতিবাদী সমদল - সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতি

প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

INTCU PROTEST AT SIVASAGAR
শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ প্ৰতিবাদী সমদল

By

Published : Jul 3, 2020, 2:23 PM IST

শিৱসাগৰ, 3 জুলাই :কোভিড ১৯ ৰোগৰ সন্ত্ৰাসৰ মাজত দেশৰ অৰ্থনৈতিক অৱস্থাৰ দুৰাৱস্থা হোৱাৰ লগতে সামাজিক দিশটো বিভিন্ন বেমেজালিয়ে দেখা দিছে । ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে এই দিশসমূহ উন্নয়ণত গুৰুত্ব প্ৰদান নকৰি কোভিড ১৯ ৰোগৰ আতংক বিয়পাই জনতাক বিপথে পৰিচালিত কৰিছে । যাৰ বাবে শ্ৰম জড়িত সকলো বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে শুকুৰবাৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ প্ৰতিবাদী সমদল

প্ৰতিবাদকাৰীসকলে দেশত দেখা দিয়া কোভিড ১৯ ৰোগৰ নিয়ন্ত্ৰণ আৰু বিজ্ঞানসন্মত নিৰ্মূল,অসংগঠিত শ্ৰমিকক এককালীন ১০,০০০ টকাৰ সাহাৰ্য প্ৰদান আৰু পৰিৱেশ স্বাভাৱিক নোহোৱালৈকে মাহে ৭,৫০০ টকা প্ৰদানৰ ব্যৱস্থা কৰা, অসংগঠিত আৰু চাহ শ্ৰমিকসকলক লক ডাউনৰ সময়ছোৱাৰ বাবে সম্পূৰ্ণ মজুৰি প্ৰদান কৰা,কৃষি খণ্ডৰ শ্ৰমিকসকলৰ বাবে সামাজিক আৰু অৰ্থনৈতিক পেকেজ ঘোষণা কৰা, লক ডাউনৰ সময়ত মৃত্যুমুখী হোৱা উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰা,অ'এনজিচি অসম সম্পদৰ উৎপাদনক্ষম তৈলক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ বন্ধ কৰা আদি ১৪ টা দাবীসম্বলিত স্মাৰক পত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ বিভিন্ন দল,সংগঠন নিৰ্বিশেষে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত ভাৰত চৰকাৰৰ লগতে বিজেপি দলৰ শাসনত থকা অসম চৰকাৰক ব্যৰ্থতাৰ বাবে তীব্ৰ সমালোচনা কৰে সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিয়ে ।

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ প্ৰতিবাদী সমদল

লগতে পঢ়ক : ভাৰত-তিব্বতৰ সীমান্তৰ ২৮ গৰাকী আৰক্ষীৰ দেহত COVID-19

ABOUT THE AUTHOR

...view details