আমগুৰি, ২৮ নৱেম্বৰ : এতিয়া আঘোন মাহ। শস্য শ্যামলা পথাৰৰ সোণোৱালী ধানে ৰিঙিয়াই মাতে দাৱনীক । সপোনৰ সোণোৱালী শস্যৰে ভঁৰাল ভৰাবলৈ ধাননী পথাৰত ব্যস্ত হৈ পৰে কৃষক-দাৱনী ।আঘোণৰ দাৱনীক সকাহ দিবলৈ এইবাৰ পথাৰলৈ আহিল ৰেপাৰ যন্ত্ৰ । দাৱনীৰ কাচিৰ শব্দ আৰু খিল খিল হাঁহিৰ লগতে ৰবাব টেঙাৰ আমেজ লোৱা চিনাকি আঘোনৰ পথাৰখন যেন অচিনাকি হৈ পৰিব ৷ কিয়নো কম খৰচ, কম সময় আৰু কষ্ট লাঘৱ কৰিব পৰাকৈ আঘোণৰ পথাৰত এতিয়া ৰেপাৰ যন্ত্ৰই চপাব সোণগুটি ।
আঘোণৰ পথাৰত চিনাকী দাৱনীজনী নাইকিয়া হোৱাৰ পথত... - rapper machine
আঘোণৰ পথাৰত জাক জাক দাৱনীৰ বিপৰীতে দিখৌমুখৰ ভৰলুৱা পথাৰত ৰেপাৰ মেচিনেৰে কাটিছে ধান ৷ কিয়নো কম খৰচ, কম সময় আৰু কষ্ট লাঘৱ কৰিব পৰাকৈ আঘোণৰ পথাৰত এতিয়া ৰেপাৰ যন্ত্ৰই চপাব সোণগুটি ।
দিখৌমুখৰ ভৰলুৱা পথাৰত ৰেপাৰ যন্ত্ৰ লৈ ধান চপোৱাৰ ব্যস্ত হৈ পৰিছে কৃষক । প্ৰতি ঘণ্টাত তিনি পৰা চাৰি বিঘা ধান চপাব পৰা এই ৰেপাৰ মেচিন চলিছে দিখৌমুখৰ আদৰ্শ কৃষক জয়ন্ত দত্তৰ ধাননী পথাৰত । আন্তঃৰাাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰৰ সৌজন্যত কৃষকৰ উৎপাদন বৃদ্ধি কৰা তথা হাড়ভঙা পৰিশ্ৰম লাঘৱ কৰাৰ উদ্দেশ্যৰে এটা বিশেষজ্ঞৰ দলে দিখৌমুখৰ ভৰলুৱা পথাৰত এই ধান চপোৱা যন্ত্ৰটিৰ ব্যৱহাৰ আৰু উপকাৰিতাৰ বিষয়ে কৃষকক অৱগত কৰে । এই ৰেপাৰ যন্ত্ৰটিয়ে প্ৰতি ঘণ্টাত ৬০০/৭০০ মিলি লিটাৰ পেট্ৰ’লত তিনিৰ পৰা চাৰিবিঘা ধান কাটিব পাৰিব । এনেদৰে পৰম্পৰাগত কৃষি পদ্ধতিৰ বিপৰীতে আধুনিক যন্ত্ৰ ব্যৱহাৰে কৃষকৰ উৎপাদন কেইবাগুণলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত অৰিহণ যোগাব বুলি আশা প্ৰকাশ কৰিছে কৃষকজনে ।
লগতে পঢ়ক :ধন আদায় নিদিলে জবকাৰ্ড বনাই নিদিয়ে পঞ্চায়তৰ জিআৰএছে!