আমগুৰি,১৩ চেপ্টেম্বৰ:চৌদিশ বিয়পিছে উৎসৱৰ বতৰা । শাৰদীয় দুৰ্গোৎসৱক লৈ চৌদিশে এতিয়া ভীষণ ব্যস্ততা (Preparation for Durga Puja)। মৃৎশিল্পীসকলো ব্য়স্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণত । আমগুৰিৰ বৰাহীবাৰীৰ দুই খনিকৰো প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে । বৰাহীবাৰী ব্ৰাক্ষ্মণ গাঁৱৰ প্ৰবীণ শৰ্মা আৰু পংকজ শৰ্মাই যোৱা ১০ বছৰ ধৰি নিৰ্মাণ কৰি আহিছে মা দূৰ্গাৰ প্ৰতিমা(Clay idol of Goddess Durga) ।
সম্বন্ধত খুড়াক-ভতিজাক লগা এই দুই শিল্পীয়ে এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ বাবে সাজু কৰিছে বহু কেইজনা প্ৰতিমা ।২০১২ চনৰ পৰা এই দুই শিল্পীয়ে মা-দূৰ্গা প্ৰতিমাৰ লগতে বিশ্বকৰ্মা, সৰস্বতী, লক্ষ্মী, গণেশ, অন্নপূৰ্ণা, জগদ্ধাত্ৰী আদি মূৰ্তি নিৰ্মাণ কৰি আহিছে । প্ৰথমে সৰু সৰু মূৰ্তি নিৰ্মাণেৰে আৰম্ভ কৰি ২০১২ চনৰ পৰা ডাঙৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ লয় বুলি উল্লেখ কৰে শৰ্মা ভাতৃদ্বয়ে ।