আমগুৰি, ২১ এপ্ৰিল: শিৱসাগৰ জিলাৰ আমগুৰিত ক'ভিডত আক্ৰান্তৰ সংখ্যা 8 জনলৈ বৃদ্ধি পালে ৷ নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত দুগৰাকী অধ্যাপকৰ দেহ ক'ভিডৰ উপস্থিতি পোৱাৰ লগতে বৰছিলা গায়েন গাঁৱৰ ৬ গৰাকী দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷
আমগুৰিত 8 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি
আমগুৰিত ক'ভিডত আক্ৰান্ত সংখ্যা 8 জনলৈ বৃদ্ধি ৷ নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত দুগৰাকী আৰু গায়েন গাঁৱৰ ৬ গৰাকী দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷
আমগুৰিৰ 8 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি
ইতিমধ্যে কভিডত আক্ৰান্ত হোৱা আটাইকেইগৰাকীক হোম আইচ'লেচনত ৰখা হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে ৷ ইয়াৰ সমান্তৰালভাৱে ক'ভিডৰ আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱা প্ৰতি লক্ষ্য ৰাখি আমগুৰিত ক'ভিড প্ৰ'টকলৰ পালনৰ কৰাৰ ক্ষেত্ৰ কঠোৰ হৈ পৰিছে প্ৰশাসন ৷
লগতে পঢ়ক:ৰাজ্যত নতুনকৈ ১,৬৫১ গৰাকী লোকৰ দেহত পোৱা গৈছে ক’ভিড