শিৱসাগৰ, 10 আগষ্ট: ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence Day) উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" ৰ কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে (Har Ghar Tiranga Abhiyan) । জন অংশীদাৰিত্বৰে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আহ্বান জনাইছে ৷
সম্প্ৰতি এই মহোৎসৱক লৈ সমগ্ৰ দেশতে চৰকাৰী বিভাগবোৰৰ মাজত এক বিশেষ তৎপৰতা দেখা গৈছে । সাধাৰণ প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনো যেন এই দিশত পিছপৰি ৰোৱা নাই । ইয়াৰ মাজতে শিৱসাগৰ আৰক্ষীয়েও হাতত লৈছে বিশেষ কাৰ্যসূচী । "আৰক্ষীৰ লগত ৰাইজ,ৰাইজৰ লগত আৰক্ষী" চিন্তা আগবঢ়াই নিবৰ বাবে মঙলবাৰে শ'লগুৰিত আৰক্ষী আৰু ৰাইজৰ এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হৈ যোৱাৰ পাছত বুধবাৰে শিৱসাগৰ নগৰৰ সদৰ থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰিকল্পনাত এক ছেলফি পইণ্ট মুকলি কৰা হয় (Inauguration of Selfie Point in Sivasagar Police station) ।