শিৱসাগৰ, 24 নৱেম্বৰঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত ইমৰাণ শ্বাহৰ প্ৰতিক্ৰিয়া। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে ব্যক্ত কৰিলে মনৰ ভাৱ ৷ প্ৰবীন ৰাজনীতিকজনৰ মৃত্যুত শোক প্ৰকাশ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে সোঁৱৰিলে তেখেতৰ সৈতে পাৰ কৰা বিভিন্ন মূহুৰ্তৰ কথা ৷ বয়সত মোতকৈ দুবছৰ সৰু আছিল যদিও তৰুণ গগৈৰ সৈতে মোৰ মধুৰ সম্পৰ্ক আছিল ৷ অতীতৰ কথা সুঁৱৰি আবেগিক হৈ পৰিল বৰ্ষীয়ান সাহিত্যিক গৰাকী ৷ উল্লেখ্য যে,প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে ইমৰান শ্বাহৰ ব্যক্তিগত সম্পৰ্ক খুবেই ভাল আছিল ৷
তৰুণ গগৈৰ মৃত্যুত ইমৰাণ শ্বাহৰ প্ৰতিক্ৰিয়া - অসম সাহিত্য সভা
বয়সত মোতকৈ দুবছৰ সৰু আছিল যদিও তৰুণ গগৈৰ সৈতে মোৰ মধুৰ সম্পৰ্ক আছিল ৷ অতীতৰ কথা সুঁৱৰি আবেগিক হৈ পৰিল বৰ্ষীয়ান সাহিত্যিক গৰাকী ৷ মুল্যবোধৰ ৰাজনীতি কৰিছিল তৰুণ গগৈয়ে ৷ অসমৰ ৰাজনীতিত প্ৰয়াত তৰুণ গগৈক সকলোৱে মনত ৰাখিব ৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউ কক্ষত মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে বৰ্ষীয়ান ৰাজনীতিক,ৰাজ্যৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ কেৱল এগৰাকী সফল মুখ্যমন্ত্ৰীয়ে নহয় গগৈ আছিল সমকালীন অসমৰ এগৰাকী সফল ৰাজনীতিক,অসমৰ মাটিত জাতীয় কংগ্ৰেছৰ জীৱনী শক্তি ৷ তেখেতৰ মৃত্যুত ৰাজ্যজুৰি শোকাহত হৈ পৰিছে সকলো ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত তিনি দিনীয়া ৰাজ্যজুৰি চৰকাৰী শোক ঘোষণা কৰিছে ৷ বাতিল কৰা হৈছে সকলো চৰকাৰী কাৰ্যসূচী ৷
লগতে চাওকঃ অনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...